সমললৈ যাওক

পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
সাহিত্য বিচাৰ।

ধঁপাত খাবলৈ নিদিছিল, কিয়নো ধোঁৱা মুখৰ পৰা ওলাই আহে, এতেকে সি মানুহক অশুচি কৰিব পাৰে।

 আৰু এবিধ মূল কথা আছে তাক বিজ্ঞান বোলে। বিজ্ঞান লিখোঁতে বৰ সাৱধান হোৱা উচিত, কিয়নো তাৰ কথা অলপ লৰিলেই বহুত অপকাৰ হয়। ইয়াত অলঙ্কাৰ বা উপমা লগাব নোৱাৰি; কথা বঢ়াবলৈ শব্দও বেছিকৈ লিখিব নোৱাৰি। ওপৰত কৈ অহা হৈছে, যে ইতিহাস লিখোঁতে দুটা বা তিনটা অৰ্থ হব পাৰে এনে কথা তাত লিখা উচিত নহয়; বিজ্ঞান লিখাতো এই নিয়ম মতে চলিব লাগে; নাইবা কেতিয়াবা বিষম বিপদ উপস্থিত হব পাৰে।


পদ্য।

 সাহিত্যৰ প্ৰথম ভাগৰ কথা শেষ হল। এতিয়া তাৰ দ্বিতীয় ভাগ অৰ্থাৎ পদ্যৰ বিষয় আলোচনা কৰা হব। গদ্য প্ৰণালী এক প্ৰকাৰে ধৰিলে উজু বুলিব পাৰি আৰু তাক লিখিবৰ নিয়মো বন্ধা আছে। কিন্তু পদ্যৰ একো নিয়ম নাই বুলিলেও বুলিব পৰা যায়। এই প্ৰণালী অতি প্ৰাচীন। কথা লিখিবৰ দিন ধৰি কেৱল পদ্যেৰেহে লিখিছে, গদ্য আগেয়ে বৰ চলিত নাছিল, ই ওলাবৰ অতি অলপ দিন হৈছে। এই কথা যে কেৱল আমাৰ দেশতহে দেখা যায় এনে নহয়, পৃথিবীৰ সকলো ঠাইতে পদ্যৰ বৰ আদৰ আছিল। যি দেশৰে পুৰণি পুথি মেলি চোৱা, তাতে পদ্য দেখিবা। আমাৰ দেশততো ব্যাকৰণ অভিধানো পদ প্ৰণালীত লিখা। এতিয়া সুধিব পাৰা, যে আগৰ দিনত নো মানুহে পদ্য ইমান কিয় ভাল পাইছিল। এই কথাৰ উত্তৰ অলপ গমি চালেই পোৱা যায়। মানুহৰ স্বভাৱ এনেকুৱা যে যি বস্তু আমি সদাই দেখোঁ সি বৰ সুন্দৰ হলেও আমাৰ চকুত ভাল নলগা হয়। যি গীতটো সদাই শুনা যায় সি অতি মধুৰ হলেও আমাৰ কাণত সোৱাদ নালাগে। ন গীত বেয়া হলেও সুললিত শুনি। গদ্য আমি সদাই দেখা বস্ত, তাৰে সদাই কথাবাৰ্ত্তা কোৱা হয়, সেই দেখি লিখিবৰ সময়ত তাক ভাল নালাগিছিল। আৰু পদ্যৰ নিজৰে কিছুমান গুণ আছে। এই প্ৰণালীত লিখা কথাৰ ফাঁকিয়ে ফাঁকিয়ে মিল থাকে, তাক গীত গোৱাৰ নিচিনাকৈ গাই যাব পাৰি। পদ্যত