পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সাহিত্যৰ সাধাৰণ লক্ষণ। + নোৱাৰি, কাৰণ তেনেহলে মূল কথাৰে ব্যতিক্ৰম হয়। শিক্ষা সম্পৰ্কে মানুহৰ দুই এটা স্বাভাবিক দোষ আছে তাক গুচাবলৈ অতি টান। কোনো এটা কথা বৰ্ণাব লাগিলে নিজৰ মন-গঢ়া দুই এটা কথা তাত সুমাই দিবলৈ মন যায়। কিন্তু ইতিহাস লিখোতে বা কোনো সত্য কথাৰ বৰ্ণনা কৰোতে এই দোষ টোৰ হাত এৰাব পাৰিলেহে বৰ ভাল। আচল কথাৰ লগত উপৰুৱা কথা সুমাই দিলে কেৱল মানুহক ছল কৰা হয়। পঢ়োঁতাই সেই মিছা কথাকো সঁচা বুলি ধৰে। ইয়াৰ আৰম্ভতে কোৱা হৈছে, যে কথা বঢ়াই কোৱা সাহিত্যৰ এটা প্ৰধান লক্ষণ। ইয়াৰ পৰা অবশ্যে ঠাই লৈ আৰু সময় লৈ বৰ উপকাৰ হয়। কিন্তু ঠাই বিশেষে তাৰ পৰা ইমান অপকাৰ হয় যে কৈ অন্ত কৰিব নোৱাৰি। ইতিহাস লিখোতে যাতে এই দোষ নজন্মে। তাৰে যতন কৰিব লাগে। কিয়নো মানুহে কোনো মহৎ কামত হাত দিব লাগিলে আগেয়ে ইতিহাস পঢ়ি আগৰ মানুহে তেনেকুৱা কাম কেনেকৈ কৰিছিল জানি লয়। ইতিহাসৰ পৰা মানুহে জ্ঞান শিকে, তাতো যদি মিছা কথা থাকে তেন্তে কিমান অপকাৰ হব পাৰে চোৱাচোন! এই কথাটো আমাৰ আগৰ লিখকবিলাকে নাজানিছিল। তেওঁলোকে যি লিখে তাতে কথা বঢ়াই লিখিছিল। ধৰ্ম্ম সম্বন্ধে পুথি লিখোতেও সাৱধান হৈ লিখা উচিত। তাৰ এটা কথাৰ পাছোটা অৰ্থ ওলালে বৰ বেয়া। আমাৰ দেশত যে আগেয়ে সতীদাহ প্ৰথা আছিল সিও শাস্ত্ৰ লিখাৰ দোষৰ হে ফল। যি শ্লোকত সতী দাহ কৰিবলে কৈছে, তাৰ অৰ্থ আচলতে সেইটো নহয়। ইয়াৰ প্ৰমাণ আক্‌বৰ ৰজাৰ দিনত ওলাইছিল॥ তেতিয়াৰ বামুণবিলাকে দেশৰ নিয়ম ৰক্ষা কৰিবৰ মনেৰে শ্লোকটো ৰজাক আন প্ৰকাৰে বুজাই দিলে। এনেকুৱা কথা যে আমাৰ শাস্ত্ৰত কিমান জানে তাক কব নোৱাৰি। এই দেখিহে আজিও কিছুমান পণ্ডিতে বিধৱা বিবাহত মত দিয়ে, আৰু কিছুমানে নিদিয়ে। এই দোষ যে কেৱল আমাৰ ধৰ্মপাতহে পোৱা যায় এনে নহয়; আন জাতিৰ শাস্ত্ৰতো বহুত পৰিমাণে পোৱা যায়॥ বাইবোলত কয়, বোলে যি বস্তু আমাৰ ভিতৰলৈ যায়, সি মানুহক অশুচি নকৰে, যি ওলাই আহে সেয়েহে অশুচি কৰে। এই কথাটোৰ অৰ্থ কি বোধকৰোঁ সকলোৱে বুজে, তেও ৰুছিয়া দেশত ইয়াৰ অৰ্থ বেলেগ হৈছিল। তাৰ পাদুৰিবিলাকে মানুহক