সমললৈ যাওক

পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
সাহিত্য বিচাৰ।

প্ৰৱন্ধতে পোৱা যায়। ইও সাহিত্যৰ এবিধ অলঙ্কাৰ, এতেকে এই দোষ গুচাবৰ একো উপায় নাই।

 ভালকৈ গমি চালে দেখা যায়, যে কথা লিখি উলিয়ালে তাৰ গঢ় আগৰ দৰে নাথাকে। মানুহৰ মুখৰ পৰা গৈ কাপৰ মুখত পৰিলেই মূৰ্ত্তি বেলেগ হয়। কদাকাৰ বস্তু শুৱণী হৈ পৰে, মিছাকো সঁচা যেন লাগে। ইয়াৰ কাৰণ এক প্ৰকাৰে আগেয়েই কোৱা হৈছে। বাঢ়ৈ আৰু খনিকৰে যেনেকৈ সাধাৰণ কাঠ বা মাটি এডোখৰকে সুন্দৰকৈ চাঁচি কাটি তাৰ ওপৰত ধুনীয়া ৰহণ লগাই চিক্‌চিকীয়া কৰি পেলায়, সেই দৰে লিখকেও এটা অতি সামান্য বস্তুকে সুন্দৰ সুন্দৰ শব্দ আরু উপমা যোজনা দি সজাই এনে শুৱনী কৰিব পাৰে যে, তাক আগৰ সেই সামান্য বস্তুটো বুলি চিনিবই নোৱাৰি। এই দেখিহে কিতাপত পঢ়া ঠাইবোৰ বা মানুহ বিলাকক চাবৰ বৰ মন যায়। যি এবাৰ কাদম্বৰী বা শকুন্তলা পঢ়িছে, তাৰ মনত সদাই এনে ইচ্ছা যে পুনৰায় সেই দিন উলটি আহক, পুনৰপি যেন অৰণ্যৰ মাজত সেই দৰে মুনিৰ আশ্ৰম দেখিবলৈ পাব। মহাভাৰতত নৈমিষাৰণ্যৰ কথা পঢ়ি এনে বোধ হয় যে সেই হাবি স্বৰ্গৰ নিচিনা সুখময় মহা পৱিত্ৰ ঠাই। কিন্তু যদি সেই ঠাইবোৰ চাবলৈ যোৱা যায়, তেন্তে দেখিবা যে কিতাপত পঢ়ি যেনে লাগিছিল আচলতে তেনেকুৱা নহয়। আমি থকা ঠাইবোৰ যেনেকুৱা সিও প্ৰায় তেনেকুৱা, অলপহে যদি প্ৰভেদ ওলায়। এই এটাইবোৰ কবিৰ কাপৰ গুণ।

 সাহিত্যৰ সাধাৰণ লক্ষণ কেনেকুৱা তাক কৈ এতালোঁ। বোধকৰোঁ এতিয়া ওপৰৰ আলোচনা পঢ়িলে সাহিত্য কাক বোলে অনায়াসে কব পৰা যায়। কিন্তু এতিয়াও এটা কথা বাকী। সাহিত্য হবৰ দিন ধৰি আজিলৈকে একে দৰে আছেনে বেলেগ হৈছে তাৰ কথা মুঠে কোৱা নাই। আজি কালি যদি সাহিত্য কিছু বেলেগ হৈছে, তেনেহলে আদিতে কেনেকুৱা আছিল আৰু এতিয়ানো তাৰ ৰূপ কেনে হৈছে; এইকেইটা কথাৰ মীমাংসা হলেই সাহিত্যৰ সাধাৰণ অৱস্থা ওৰ পৰে।

 সকলো বস্তুৰে যে পৰিবৰ্ত্তন আছে এই কথা সকলোৱে জানে। পৃথিবীৰ ভিতৰত এনে একো বস্তু নাই যি আদিৰে পৰা আজিলৈকে একে দৰে আছে। সাহিত্যৰো সেই দৰে সময়ৰ লগে লগে গঢ় লৰিবই লাগিছে। আদিতে