পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৭১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৯
সাহিত্যৰ সাধাৰণ লক্ষণ।

যেনেকুৱা আছিল এতিয়া তেনে নহয়; ইয়াৰ প্ৰকাৰ আজি কালি বেলেগ হৈছে। আগৰ লিখকবিলাকে নামৰ আগত বিশেষণ গোটাচেৰেক সৰহকৈ দিব পাৰিলেই পণ্ডিতালি কৰা হয় যেন জ্ঞান কৰিছিল। পুৰণি ফলিবোৰত আৰু শিলত লেখা কথা পঢ়িলে শাৰী শাৰী কেৱল বিশেষণকে পোৱা যায়। তাৰ পৰা আচল সাৰখিনি বিচাৰি লোৱাই টান। কৰ্ত্তা কৰ্ম্ম কৰবাত পৰি থাকে, পঢ়োঁতাই পুৰুষাৰ্থ কৰিহে সিহঁতক বিচাৰি পায়। একোটা প্ৰৱন্ধত কথা এধান মান, কিন্তু তাকে বিশেষণ লগাই লগাই বৃহৎ কৰে। এই দোষ আধুনিক লিখকৰ নাই। আজি কালি এঠাইত দুটা বা তিনিটাতকৈ বেছি বিশেষণ ব্যৱহাৰ নকৰে। এতিয়াৰ সাহিত্যত কিন্তু উপমাৰ হ্ৰাস দেখা যায়। আগৰ লিখকবিলাক যেনে সুন্দৰ সুন্দৰ উপমা দি কথা বুজাব পাৰিছিল, এতিয়া তেনেকুৱা উপমা অতি কম। আগেয়ে কবি সকলে আচল কথা ভাঙ্গি নকৈছিল, কেৱল উপমাৰেই ভাব প্ৰকাশ কৰিছিল। এতিয়াৰ মানুহে উপমা এৰি কথাত ধৰিছে, কথাৰেই সকলো বিষয় বুজাই দিয়ে। আমাৰ বিবেচেনা মতে আগৰ লিখকবিলাকৰ আৰু এটা দোষ আছিল। তেওঁলোকে চলিত ভাষাৰে কথা লিখিবলৈ ঘিণাইছিল। মানুহে সদাই যিবোৰ শব্দেৰ কথা বাৰ্ত্তা কয়, সেইবোৰ সিবিলাকে ব্যৱহাৰ কৰিবলৈ কিছু বেয়া পাইছিল যেন বোধ হয়। ইয়াৰ ফল হৈছিল এই, যে সাধাৰণ মানুহে অৰ্থাৎ অলপ লিখা পঢ়া জনা মানুহে পণ্ডিতে লিখা কথা বুজিব নোৱাৰিছিল। এই দোষে আজি কালি কেৱল সংস্কৃত জনা পণ্ডিতবিলাকক চুইছে। তেওঁলোকে চুটি সৰু শব্দৰে কথা লিখিবলৈ বেয়া পায়। লাহে লাহে এইবোৰ দোষ উঠি যাব ধৰিছে, আরু কিছুমান দিনৰ মূৰত বোধ কৰোঁ মুঠেই নাইকিয়া হব। এতিয়াৰ লিখকৰ বাক্যবোৰ চুটি চুটি, আগৰ নিচিনা আজি কালি কথা যোৰাই বাক্য দীঘল নকৰে। ইয়াতে আরু এটা কথা কোৱা উচিত, যে দেশভেদে আৰু জাতিভেদে সাহিত্যৰো লক্ষণৰ অলপ ব্যতিক্ৰম দেখিবলৈ পোৱা যায়। এই বিষয় আমি এতিয়া আলোচনা নকৰোঁ। সম্প্ৰতি সাহিত্য ভাগ কৰি, তাৰ একো ভাগৰ নো লক্ষণ কেনেকুৱা, এভাগৰ লগত আন ভাগৰ কি সমন্ধ আৰু সাহিত্যৰ নো মুঠতে কেই ভাগ, এই কেটা কপাৰ বিচাৰ কৰিব লাগিৰ। ইয়াৰ লগতে দেশভেদে সাহিত্যৰ লক্ষণ কেনে হয় তাকো দেখুৱা যাব।