পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৬৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৬
সাহিত্য বিচাৰ।

সকলোৱে তাক আদৰ কৰি ৰাখে, হেপাহ কৰি পঢ়ে। ইয়াৰ কাৰণ এই যে শকুন্তলা বত্ৰিশ অলঙ্কাৰে বিভূষিতা। তাক পঢ়িলেই মানুহৰ মন মোহ যায়। যি সাহিত্যৰ ৰস বুজা মানুহে এবাৰ শকুন্তলা পঢি চাইছে সি কেতিয়াও তাক পাহৰিব নোৱাৰে।

 যদিও অলঙ্কাৰে সাহিত্যৰ ইমান উপকাৰ কৰে, তাৰ পৰা যে কিছু কিছু অপকাৰ হোৱা নাই এনে নহয়। অলঙ্কাৰ লগাওঁতে দুই চাইটা নলগা শব্দ বা উপৰুৱা ভাব ব্যৱহাৰ কৰিব লগাত পৰে। যি কথা আচলতে নাই তাকো কেতিয়াবা আছে বুলি কব লাগে। পাচে, যি মানুহে পঢ়ে তেওঁ অলঙ্কাৰৰ কথাখিনিকো সঁচা বুলি ধৰি থয়। সাহিত্যৰ ভিতৰত যদি কিবা ঘুণ আছে, সি শব্দৰ আৰু ভাবৰ বহুলতাইহে। বহুলতাই অনেক মানুহৰ ভ্ৰম জন্মায়। এই নিমিত্তেহে বোধকৰোঁ মূলতে মিছা কথাতো মানুহৰ অটল বিশ্বাস দেখা যায়। মানুহে এই কথাটো ভাবি নাচায় যে কোনো এটা বস্তুৰ বৰ্ণনা কৰিব লাগিলে, আরু সেই বৰ্ণনা যদি ধুনীয়া কৰিব খোজা যায়, তেনেহলে মাজে মাজে দুই এটা বিশেষণ ব্যৱহাৰ কৰিব লগা হয়। সেই বিশেষণবোৰৰ ভাব নানা প্ৰকাৰ হব পাৰে। বিবেচনা কৰাঁ, তুমি এজোপা গছ বৰ্ণাবা সেই গছৰ ডালবোৰ বৰ দীঘল। পিচে বৰ্ণনাত তুমি লিখিব লাগিব যে তাৰ ডালবোৰ সুদীৰ্ঘ বা অতিশয় দীঘল আছিল। বৰ দীঘল বুজাবলৈ যি দুটা বিশেষণ ইয়াত ব্যৱহাৰ কৰা হল, তাক দেখোঁতে সিমান জটিল বা দ্ব্যৰ্থযুক্ত যেন নেদেখা হয়, কিন্তু অৰ্থ ভাঙ্গিবৰ সময় তাৰ কেইবাটাও অৰ্থ ওলায়। সুদীৰ্ঘ বুলিলে কেৱল নিয়মিত ৰূপ দীঘলহে বুজায় যে এনে নহয়, অস্বাভাবিক দীঘল বুজাব পাৰে। সচৰাচৰ গছৰ ডাল যিমান দীঘল হয়, সিমান দীঘল হলেও সুদীৰ্ঘ বুলিব পাৰি, আৰু অদ্ভুত দীঘল হলেও সুদীৰ্ঘ বুলিব পাৰি। এই দুটা অৰ্থৰ কোনোটো সঁচা বুলি লব লাগিব তাক ঠাৱৰকৈ কোৱা টান। কিন্তু সেই বুলি মানুহে বৰ্ণনাৰ আচল ভাবটা ধৰিব নোৱাৰে নে? অৱশ্য পাৰে। সুদীৰ্ঘ বা অতিশয় দীঘল বুলিলে এনে বুজা যুগুত যে সচৰাচৰ গছৰ ডাল যিমান দীঘল হয় এই জোপা গছৰ ডালো সিমানেই দীঘল আছিল। কোনো এটা কথা লিখিব লাগিলে কিছু বঢ়াই নেলেখিলে নহয়; নাইবা বৰ্ণনাৰ ৰস নাইকিয়া হৈ পৰে। সেই গছ জোপাৰ ডালকেটা বৰ্ণাওতে যদি