পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
সাহিত্যৰ সাধাৰণ নক্ষণ।

কৰিলে ভাষা আৰু যেনেকৈ কৈছে তালৈ মন কৰিলে সাহিত্য বিচাৰ কৰা হয়। যি মানুহে প্ৰৱন্ধত কোৱা কথা অৰ্থাৎ বাতৰিটো মাথোন বিচাৰে তেওঁ সেই প্ৰৱন্ধৰ সাহিত্য নেদেখে। সাহিত্য বিচৰা মানুহে প্ৰৱন্ধত থকা উপমাৰ মিল, শব্দৰ পাতনি, ভাবৰ গাঁথনি, আৰু লিখাৰ প্ৰণালীলৈ মন কৰে। এটি উদাহৰণ দিওঁ চোৱা। “ঈশ্বৰ দয়াৰ সাগৰ‌‌” এই এটা বাক্য। এতিয়া আমি যদি বাক্যটা পঢ়ি ইয়াকে বুজি থওঁ যে ঈশ্বৰ বৰ দয়ালু তেনেহলে আমি তাৰ ভাষাতহে মন দিলোঁ। কিন্তু যদি এই দৰে ভবা যায়, যে এই ঠাইত ঈশ্বৰ নিদি পৰমেশ্বৰ লিখা হেঁতেন শুনিবলৈ ভাল হলহেঁতেন, বা ঈশ্বৰ শব্দটোৱে এই ঠাইত সুন্দৰরূপে খাই পৰিছে আন শব্দ দিলে বেয়া হব, তেনেহলে আমি তেতিয়া বাক্যটোৰ ভাষা বিচৰা নাই, আমাৰ মন তাৰ সাহিত্যতহে আছে। আৰু এই দৰেও ভাবি চাব পাৰি, যে ঈশ্বৰক দয়াৰ সাগৰ নুবুলি দয়াতৰঙ্গিনী বা দয়াকূপ বোলা ভাল আছিল বা দয়াকূপ বুলিলে নিমিলে, কিয়নো ইশ্বৰ সৰ্ব্বব্যাপী, এতেকে দয়ানদী বোলা যাওক, বা এই শব্দটো শুনিবলৈ কৰ্কশ, এতেকে দয়াতৰঙ্গিনী বোলা ভাল; এনেকুৱাবোৰ কথা লৈ মন কৰিলে সাহিত্য বিচাৰ কৰা হয়।

 এতিয়া সুন্দৰরূপে বুজিব পাৰি, যে সাহিত্য কোনো ভাষাৰ অলঙ্কাৰ মাথোন। এই অলঙ্কাৰবোৰ গুচাই যদি ভাষাক একেবাৰে নাঙঠ কৰা যায়, তেন্তে তাৰ এইরূপ নাথাকে। কিন্তু ভাষাক একে বাৰে নিৰলঙ্কাৰ কৰা অতি দুস্কৰ। তাক বেয়া সাজ পিন্ধাই দেখিবলৈ কুৎসিৎ কৰিব পাৰি, কিন্তু সমূলি নাঙঠ কৰিবলৈ টান। কিয়নো শব্দই ভাষাৰ অলঙ্কাৰ, আৰু আগত কোৱা হৈছে, যে শব্দই তাৰ মূল। যদি শব্দ এটাইবিলাক কাঢ়ি নিয়া যায়, তেন্তে ভাষাই নাথাকে। ভাষাক শুৱনী কৰিবলৈ মানুহে নানাবিধ অলঙ্কাৰ পিন্ধায়। কেৱল ভাষাই মানুহৰ মন টানিব নোৱাৰে। বেয়াকৈ লিখা পুথি পঢ়িবলৈ কাৰো মন নাযায়। তেনেকুৱা পুথি এবাৰ পঢ়ি চালেই দুনাই মেলিবলৈ বেয়া লাগে। কিন্তু ভাল বছা শব্দ, সূৰৰ উপমা, বা নতুন মনোহৰ ভাবেৰে সজাই পুথি লিখিলে তাক সকলোৱে আদৰ কৰে। তাক এবাৰ পঢ়িলে আকৌ পঢ়িবলৈ মন যায়। কালিদাসে শকুন্তলা লিখিবৰ আজি কত যুগ হল, তেও সেই শকুন্তলা পঢ়ি মানুহে আজিলৈকে ৰস পায়, আজিও