পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
সাহিত্য বিচাৰ।

তাক ভাষাৰ মাজৰ পৰা চালি-জাৰি উলিয়ালেহে পোৱা যায়। সি ভাষাৰ তলত ঢাক খাই থাকে, বিচাৰি উলিয়ালেহে ওলায়। ভাষা এটা বস্তু সাহিত্য তাৰ ৰূপ, ভাষা শৰীৰ সাহিত্য আত্মা, বা ভাষা পদাৰ্থ সাহিত্য তাৰ গুণ। নাইবা, এই দৰেও ধৰিব পৰা যায়, যে ভাষা এটা ফুল সাহিত্য গোন্ধ, ভাষা মাটিকঁঠাল সাহিত্য তাৰ সোৱাদ।

 এই দৰে ভাষাৰ মাজৰ পৰা সাহিত্য বিচাৰি উলিয়াকে সাহিত্য শিক্ষা বোলে। এই শিক্ষা অবদ্য অতি টান কাম অলপ শ্ৰম কৰি সাধিব নোৱাৰি। গুৰিৰ পৰা লাহে লাহে অভ্যাস নকৰিলে একে দিনে যে সাহিত্যৰ ৰস বুজা হব পাৰি এনে কথা কেতিয়াও মনত ঠাই নিদিবা। এই কাম কৰিবলৈ যে কতবা কিছুমান নিয়ম আছ এনে নহয়। এনেয়ো থকাহেঁতেন ই ইমান টান হবই নোৱাৰে। যি যি কোনো নিয়ম বন্ধা আছে, অৰ্থাৎ নিয়ম অনুসৰি চলিলেই যি কাম সিদ্ধ হয়, তাক টান কাম বুলিব নোৱাৰি। কিয়নো, নিয়ম হাজাৰ টান হলেও, মানুহে পুৰুষাৰ্থ কৰি তাক বুজিব পাৰে, আরু সেই দৰে চলিব পাৰে। যিবোৰ কামৰ একো নিয়ম নাই সেই বোৰেহে আচলতে টান। এই দেখি সাহিত্য শিক্ষা সুৱলা কৰিবলৈ একো উপায় দিব নোৱাৰি। যি তাক শিকিব খোজে তেওঁ কিছুমান দিন মন দি ধৰিলেই অপোনাআপুনি বহুত উপাই ওলায় পৰিব। ইয়াত শিকোঁতাৰ সহায় কৰিবৰ নিমিত্তে আমি স্থূল স্থূল দুই চাইটা কথা উনুকিয়াম। এই আৰ্হি অনুসৰি কাম কৰিলে যে কিছু উপকাৰ হব, তাত আমাৰ এক ধনিষ্টাও সন্দেহ নাই।

 পৃথিবীত ‌যত বস্তু আছে তাৰ সকলোৰে দুই পিঠি। কথাৰো ভাব ঠিক এনেকুৱা। এটা লিখা প্ৰৱন্ধৰ দুটা পিঠি, তাৰে এপিঠিৰ নাম কথা বা শুধ ভাষা আৰু আনটো পিঠিৰ নাম সাহিত্য। যেতিয়া আমি প্ৰৱন্ধত কোৱা কথা কেটালৈ মাথোন মন কৰোঁ, অৰ্থাৎ লিখকে যি ভাব প্ৰকাশ কৰে তাত মাথোন মন দিওঁ, তেতিয়া আমাৰ চকু কেৱল ভাষাতহে থাকে। কিন্তু যদি তাক এৰি বা তাত বাজেও লিখকৰ লিখাৰ ধৰণলৈ চাওঁ অৰ্থাৎ লিখকে কেনেকৈ মনৰ ভাব প্ৰকাশ কৰিছে, তেওঁ কি কি শব্দ ব্যৱহাৰ কৰিছে, কি উপমাৰে বুজাইছে, আৰু কেনে ভাবত লিখিছে, এই বোৰ কথালৈ মন দিয়া যায়, তেন্তে সেই প্ৰৱন্ধৰ তেতিয়া সাহিত্য বিচৰা হয়। মুঠতে কব লাগিলে লিখকে যি কয়, তালৈ মন