টান হৈ পৰে। কিন্তু এই কথাৰ পৰা এনে ভাবি লোৱা উচিত নহয়, যে ভাষা আৰু সাহিত্য একে। সিহত আকাৰে প্ৰকাৰে একে ৰকম হলেও, দুইও বেলেগ বেলেগ বস্তু। সিহতৰ গুণ বেলেগ, লক্ষণ বেলেগ, আরু নামো সুকীয়া। কিছুমান কথাত যদিও দুইৰো বৰ মিল দেখা যায়, কিছুমান কথাত আকৌ ইমান অমিল, যে সিহতৰ ভিতৰত একো সমন্ধই নাই বুলিব পাৰি। প্ৰথমতে চোৱাঁ, ভাষা কেৱল এটা নাম মাথোন। ভাব প্ৰকাশ কৰিবলৈ মানুহ মুখেৰে নানা প্ৰকাৰ শব্দ কৰে তাৰ একোটা শব্দৰ নাম আখৰ। আখৰৰ এটা বা কেইবাটাও গোটখাই এটা বস্তুৰ নাম হয়। এই নামবোৰ যেতিয়া মানুহে মনৰ ভাব প্ৰকাশ কৰিবলৈ উচ্চাৰণ কৰে তেতিয়া তাকে ভাষা বোলে। কিন্তু সাহিত্য কাপ-আকতেৰে গঢ়া বস্তু। মানুহে লিখিবলৈ শিকাৰ আগেয়েও ভাষা আছিল, আৰু এতিয়াও আছে। কিন্তু সাহিত্য আগেয়ে নাছিল। ভাষাৰ আদখিনি ঈশ্বৰে আৰু আদখিনি মানুহে কৰা, কিন্তু সাহিত্য হ’ল সৰ্ব্বাশে মানুহৰ হাতে গঢ়া বস্তু। সাহিত্য আৰু ভাষাৰ ভিতৰত যে কেৱল এই খিনিহে অমিল এনে বুলি ভবা উচিত নহয়। ৰাতি আৰু দিনৰ যেনে প্ৰভেদ, সিহঁতৰ ভিতৰতো প্ৰায় সিমানেই প্ৰভেদ। মিল কেৱল একে ঠাইত মাথোন দেখা যায়। আগতে কৈ অহা হৈছে যে নানা বিধ শব্দ গোট খুৱাই একেঠাই কৰি এটা ভাব প্ৰকাশ কৰাৰ নাম ভাষা। এতেকে ভাষা শব্দ মূলক, অৰ্থাৎ শব্দ নহলে ভাষাৰ সৃষ্টি হব নোৱাৰে। যদি কাহানিবা মানুহে শব্দ এটাইবোৰ পাহৰি যায়, তেন্তে সেই দিনাই ভাষাৰো মুৰ মৰিব। সাহিত্যও প্ৰায় তেনেকুৱা। কিছুমান শব্দ লগ কৰি এটা কথা লিখিলেই সাহিত্য হয়। এতেকে সাহিত্যকো ভাষাৰ নিচিনা শব্দৰ সমষ্টি বা পুঞ্জ বুলিব পাৰি। এই ঠাহতে ইহঁত দুয়োৰো বৰ মিল দেখা যায়। ইয়াত বাজে এহেলৈ যত ধৰা তাতে সিহঁত বেলগ। ইহঁত দুইৰো ভিতৰত কত কত মিল আৰু কত অমিল ভালকৈ বুজি নললে সাহিত্য শিকাত বহুত বিঘিনি জন্মিব পাৰে। কিয়নো, আমি আদিত কৈছোঁ, যে কতবিলাক মানুহে ভাষা শিকে হয় তেও সাহিত্যৰ ৰস নাপায়। ভাষা ওপৰতে থকা বস্তু চকু ফুৰালেই তাক দেখা যায়। যেৱে আখৰ চিনে আরু শব্দৰ অৰ্থ জানে সেয়ে ভাষা দেখা পায়, আরু শিকিব পাৰে কিন্তু সাহিত্য তেনেকুৱা নহয়।
পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৬৫
অৱয়ব