পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৬২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


সাহিত্য বিচাৰ।

সাহিত্যৰ সাধাৰণ লক্ষণ।

 মানুহে নিজ বুদ্ধিৰে আজিলৈকে যি যি কাম কৰিছে, তাৰ ভিতৰত সাহিত্যকে ঘাই বুলিব পাৰি। সাহিত্যৰ গুণ সংসাৰ জিনি আছে। ইয়াৰ নিচিনা মনমোহনীয়া বস্তু জগতত আৰু বিচাৰি পাবলৈ বৰ টান। সাহিত্যৰ গুণত বিষাদত বুৰ যোৱা মানুহৰো মনোবিকাৰ উপশম হয়; ৰুগীয়াৰ ৰোগ সকাহ পৰে; কাঠ-বুকুৱা মানুহৰ মনত দয়াৰস জন্মে; খং, খিয়াল ইত্যাদি যি মানুহৰ ৰিপুবিলাক আছে, সিহঁতো লাহে লাহে কমি যায়। কিন্তু এই সাহিত্য-সুখ সকলোৱে ভোগ কৰিবলৈ নাপায়। আগেয়ে কিছু জ্ঞান আৰ্জি নললে সাহিত্যৰ ৰস পোৱা বৰ টান। সেই দেখিহে মুৰ্খ আৰু অসভ্য জাতিবোৰে সাহিত্যৰ মোল নাপায়; আনকি, সাহিত্য বুলিবলৈ বস্তু এটাই সিহঁতৰ নাই। জ্ঞান সাহিত্য সুখৰ মূল। জ্ঞানৰ ৰশ্মিয়ে মন পোহৰ নকৰিল সাহিত্যৰ অসীম ৰূপৰ অলপো দেখিবলৈ নাপায়। এই জ্ঞান কেৱল লিখা পঢ়া শিকিলেই হয়, এনে বুলি ভবা অনুচিত। অনেক মানুহ আছে, তেঁওলোকে লিখা-পঢ়া জানে আৰু টান টান পুথিৰ অৰ্থ ও নিমিষতে কৈ দিব পাৰে, তেও সাহিত্যৰ ৰস বুজিবলৈ টান পায়। এই কথাটো প্ৰথমতে আচৰিত যেন লাগিব পাৰে, কিন্তু অলপ গমি চালে দেখা যায়, যে যি জ্ঞানৰ বলত সাহিত্যৰ ৰস বুজিব পাৰি সি লিখা-পঢ়া শিকিলেই হোৱা বস্তু নহয়। তাৰ নিমিত্তে বেলেগে পুৰুষাৰ্থ কৰিব লাগে, তেহে সেই জ্ঞান লাভ কৰিব পাৰি। নীতি-বিজ্ঞান, মনো বিজ্ঞান বা গণিত ইত্যাদি শাস্ত্ৰত বৰ পাৰ্গতালি লাভ কৰিলেও সাহিত্যৰ একো নাজানিব পাৰে। কিয়নো, মনোবিজ্ঞান শিকোঁতে সাহিত্য শিকা নহয়।

 এই জ্ঞান যে দুৰ্লভ এনে নহয়। অন্য কথা শিকিবলৈ যিমান দুখ কৰিব লাগে, সাহিত্য বোধকৰোঁ তাতকৈ অলপ শ্ৰমতে শিকিব পৰা যায়। যেতিয়া