পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৪১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
জয়মতী কুৱঁৰী আৰু লাঙ্গি-গদাপাণি

  গদাপাণিয়ে তেওঁৰ পৰামৰ্শকে সাৰোগত কৰি কামরূপলৈ গল। তাত প্ৰথমে পোহাৰী এজনীৰ ঘৰত, পাচত ব্ৰাহ্মণ এঘৰৰ আশ্ৰয়ত, তাৰ পাচে কোনোবা চান্দকুটীয়া বৰুৱাৰ ঘৰত থাকে। কিন্তু ইয়াত থকাও আপদশূন্য যেন নেভাবি তেওঁ ৰাণীগাঁৱলৈ আঁতৰি যায়। এই ৰাণীগাঁৱত গাৰোৱাণী এজনীয়ে বৰ আতৌপুতৌ কৰি গদাপাণিক প্ৰতিপাল কৰে। এই গাৰোৱাণীয়েই কামরূপৰ বৰ্তমান ৰাণী-ৰজাৰ বংশৰ মূল।

 লাহে লাহে লৰাৰজাৰ অত্যাচাৰ বেছি হল। গদাপাণি বৰ বাহুবলী আছিল, সকলোৱে তেওঁ হুলসূলবিলাক গুচাব পাৰিব যেন ভাবি তেওঁক বিচাৰিবলৈ ধৰিলে। ইতি মধ্যতে বন্দৰ বৰফুকণে ৰাণীত গদাপাণি পলাই থকা ভু পালে। পাচে তেওঁৰ আৰু অন্যান্য ৰাজ বিষয়াবিলাকৰ সাহায্যত গদাপাণিতে ১৬০৩ শকত আহোম ৰাজসিংহাসনত উঠি কেনেকৈ গদাধৰসিংহ নাম গ্ৰহণ কৰি আহোম ৰাজ্য শাসন কৰিছিল তাক বুৰঞ্জী পাঠক মাত্ৰেই জানে।

 গদাধৰসিংহ স্বৰ্গদেৱৰ পৰকালৰ পাচত, রূদ্ৰসিংহ স্বৰ্গদেৱ ৰজা হৈ, তেওঁৰ মাতৃক লৰাৰজাক সেনাবিলাকে যি ঠাইত দণ্ড কৰি কৰি ৰখিলে, সেই ঠাই ডোখৰৰ ঘটনাটি স্মৰণীয় কৰিবৰ মনেৰে, সেই ঠাই ডোখৰকে মাজ কৰি, জয়মতী কুৱৰীৰ নামেৰে জয়সাগৰ নাম দি পুখুৰী এটা খনালে। আজিও শিৱসাগৰ জিলাত এই জয়সাগৰ পুখুৰীয়ে জয়মতী কুৱঁৰীৰ যশস্তম্ভ স্বরূপ হৈ নানা দিগ্‌বিদেশত তেওঁৰ সুৰনাৰী সুলভ সতীত্বৰ পৰিচয় দি অমৰ বাঞ্ছনীয় অক্ষয় কীৰ্ত্তি ঘোষণা কৰিব লাগিছে।

⸻⸻