পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৪০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৬
সাহিত্য-সংগ্ৰহ।

 কীৰ্ত্তি ৰাখি, আহোমসকলৰ নাম পৱিত্ৰ কৰি, পৃথিৱীত নাৰীসকলক, পতি প্ৰাণতাৰ উদাহৰণ দেখুৱাই বৈকুণ্ঠ ধামলৈ গৈ দময়ন্তী সাবিত্ৰীৰ স্থান অধিকাৰ কৰিলে। জয়মতীৰ লৰা দুটি আছিল; মাকৰ মৃত্যুৰ পাচত লৰা দুটিক বুঢ়ীমাকে নিলে। এই লৰা দুটিৰ জ্যেষ্ঠটিয়েই আহোম ৰজাসকলৰ গৌৰৱ স্বৰূপ স্বৰ্গদেৱ ৰুদ্ৰসিংহ।

 গদাপাণিয়ে নগা পৰ্ব্বততে ছদ্মবেশেৰে থাকিল। নাম-চাং, টাবলুং ইত্যাদি নগা-পৰ্ব্বতবিলাকৰ আজি ইটো টিলাত কালি সিটো টিলাত পলাই থাকি মাজে মাজে ভৈয়ামলৈ আহি পাণ, কচু, আলু, জলকীয়া ইত্যাদি বেচি জীবিকা মোকোলাবলৈ ধৰিলে। মাজে মাজে লৰা দুটিকো শাহুৱেকৰ তাত চাই যায়। এনে এটা প্ৰবাদ আছে, এদিন হনু গদাপাণি টাব্‌লুং নগাপৰ্ব্বতত থকা ভু পাই লৰাৰজাৰ সেনাবিলাক গৈ তেওঁক তাতে বেৰি ধৰিলে। সেই টাব্‌লুংত বৰ ডাঙ্গৰ ঘৰ যেন শিল এটা আছিল। গদাপাণিয়ে শত্ৰুৰ মাজত পৰি আতুৰ হৈ অতি কাতৰ স্বৰেৰে বনদেবীক সম্বোধন কৰি কবলৈ ধৰিলে “হে মাতৃ! আজি মোক ৰক্ষা কৰা। ” গদাপাণিৰ কাতৰোক্তিত অকস্মাৎ পৰ্ব্বতৰ সেই বিশাল শৈল-দ্বাৰ উদ্ঘাটিত হল। গদাপাণি তাৰ মাজতে সোমাই থাকিল। লৰাৰজাৰ সেনাই তেওঁক নেপাই উলটি আহিল। এই শৈল-দ্বাৰৰ প্ৰকাণ্ড শিলটোক নগাহঁতে আজিলৈকে পূজাপাটলাদি দিয়ে। আৰু এদিন গদাপাণিক লৰাৰজাৰ সেনাবিলাকে সেই পৰ্ব্বতমালাতে লগ পায়। সেই দিনাৰ সম্পৰ্কেও এটি অতি ঔপন্যাসিক প্ৰবাদ আছে। লৰাৰজাৰ চৰবিলাকে যেতিয়া গদাপাণিক কেউ ফালৰ পৰা বেৰি ধৰিলে, সেই সময়ত হনু বৰগছ এজোপাত এজনা শ্যামাজী তিৰোতাৰ আবিৰ্ভাব হয়। তেওঁ সেই গছৰ ডাল এটাত মাটিলৈ ভৰি ওলোমাই বহি তেওঁৰ দীঘল লহঙ্গাৰ (মেখেলা) তলত গদাপাণিক সুমাই লুকাই ৰাখি শক্ৰৰ হাতৰ পৰা ৰক্ষা কৰিলে।

 এই দৰে ঘনাই বিপদত পৰা দেখি গদাপাণি নগা-পৰ্ব্বত এৰি ভটিয়াই যাবৰ মন কৰিলে। কামরূপৰ বন্দৰ বৰফুকন গদাপাণিৰ ভিনিহীয়েক। নগা-পৰ্ব্বতৰ পৰা ভটিয়াই অহাত বাটতে সলাল গোহাঁয়ে তেওঁক চিনি পাই উগ্ৰ বন্দৰ বৰফুকনৰ ঘৰলৈ যাবৰ নিমিত্তে গদাপাণিক পৰামৰ্শ দিলে।