পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

চেতন প্ৰাণী আৰু উদ্ভিদৰ পাৰ্থক্য কি?

 পৃথিৰীত যিমানবিলাক বস্তু আছে, সকলো পৰমাণুৰে গ্ৰথিত। এই পৰমাণুবিলাক ইমান সৰু যে, সিহঁতক বৰ ডাঙ্গৰ অনুবীক্ষণ যন্ত্ৰেৰেও প্ৰায় দেখা নেযায়। বেলিৰ আগত যিমান টোপা তেজ ধৰে সিও হেজাৰ হেজাৰ পৰমাণুৰ হে সমষ্টি। কীটানু নামেৰে চকুৰে মনিব নোৱাৰা কেতবিলাক পোক আছে, সিহঁতো হেজাৰ হেজাৰ পৰমাণুৰে হে নিৰ্ম্মিত।

 এই পৰমাণুবিলাক অৱস্থা আৰু কাৰ্য্যভেদে লগ লাগি বেলেগ বেলেগ বস্তুত বেলেগ বেলেগ আকৃতিৰ আৰু বেলেগ বেলেগ ক্ৰিয়া বিশিষ্ট অণুৰ সৃষ্টি কৰিছে। এই অণুবিলাক আকৌ সংযোগ, বিয়োগ, রূপান্তৰ ইত্যাদি ভৌতিক আৰু ৰাসায়নিক ক্ৰিয়াত লগ লাগি এটা রূপ এৰি আন এটা রূপ ধৰি সকলো ৰঙ্গৰ সৃষ্টি কৰিছে, বেলেগ হৈ সকলো বস্তুৰে ধ্বংসও কৰিব লাগিছে। অণুৰ উৎপত্তি, বৃদ্ধি, আৰু বিকাশ হব লাগিছে, আৰু ইটো অণুৰ পৰা সিটো অণু বেলেগ হৈ যাব পৰা গুণতেই সকলো বস্তুৰ ধ্বংসও সাধন হব লাগিছে। চেতন,অচেতন, উদ্ভিদ এই সকলোবিলাক বস্তু অণু আৰু পৰমাণুৰে নিৰ্ম্মিত হৈছে। সেই কাৰণে এই বস্তুবিলাকৰ উৎপত্তি, স্থিতি, বৃদ্ধি, বিকাশ আৰু ধ্বংস বুলিলে, এই বস্তুবিলাকৰ অণুৰ উৎপত্তি, স্থিতি বৃদ্ধি, বিকাশ আৰু ধ্বংস বুজিব লাগে। ৰাসায়নিক আৰু ভৌতিক ক্ৰিয়াত বেলেগ বেলেগ অণুৰ সংযোগেই তাৰ উৎপত্তি, বৃদ্ধি, বিকাশৰ কাৰণ আৰু বিয়োগেই ধ্বংস আৰু উৎপত্তি, বৃদ্ধিৰ কাৰণ। বিয়োগৰ পৰা কেনেকৈ উৎপত্তি আৰু বৃদ্ধি হয়, সেই বিষয়ে পাচত কোৱা যাব, কিন্তু ধ্বংস কেনেকৈ হয় সেই বিষয়ে চোৱা যাওক।

 অণুৰ ধ্বংস বা ক্ষয় বুলিলে এইটো বুজিব নেলাগে যে, ই একেবাৰে লোপ পায়; সংসাৰৰ কোনো বস্তুৰেই প্ৰলয় বা অস্তিত্ব লোপ পায়; এটি {{বঙালী ৰূ}প এৰি আন এটি {{বঙালী ৰূ}প ধৰে মাথোন। বৰফ এডোখৰ আমি সকলোৱে চকুৰে দেখিবলৈ পাওঁ, আৰু তাৰ শীতলত্ব, কঠিনত্ব ইত্যাদি গুণবিলাকো স্পৰ্শেৰে জানিব পাৰোঁ; কিন্তু বৰফ পমি পানী হলে তাৰ আৰু কঠিনত্ব নেথাকে আৰু শীতলত্বও অলপ