সমললৈ যাওক

পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫
জয়মতী কুঁৱৰী আৰু লাঙ্গি গদাপাণি।

 উত্তৰ নেপাই ছদ্মবেশী গদাধৰ আঁতৰি গল। আকৌ ৰজাৰ সেনাই জয়মতীক তাড়না কৰিবলৈ ধৰিলেহি। সকলোৱে চায় আৰু মূৰে কপালে হাত দি গুচি যায়। ছদ্মবেশী গদাধৰে আঁতৰৰপৰা একান্ত মনে, অতি বিষণ্ণ ভাবে জয়মতীলৈ আৰু সেই যন্ত্ৰণাকাৰীবিলাকলৈ চাই থাকে। নিজৰ প্ৰাণৰ ভয়ত একো মাতিব নোৱাৰে, মাত দিলেই চিনি পাই ৰাজকীয় সেনাই ধৰি নিব —ধৰি নিলেই সাং। কিন্তু চাওদাং আৰু সেনাবিলাক আঁতৰি যোৱাতে গদাধৰ আকৌ জয়মতীৰ ওচৰ চাপিলহি। আকৌ আগৰ দৰে ৰজাই জয়মতীক শুধিলে গৈ; এইবাৰো ৰজাই একো উত্তৰ নেপালে। কিন্তু এইবাৰ জয়মতীয়ে ৰজাক চিনি পালে। ভাবিলে যে যাৰ নিমিত্তে তেওঁ এনে যন্ত্ৰণাকো কাণ কৰা নাই আৰু নিজৰ জীৱনকো উছৰ্গা কৰিবলৈ ধৰিছে, তেওঁ নিজেই ধৰা দি সকলো নাশ কৰে। জয়মতীয়ে জগদীশ্বৰ আৰু স্বামীগুৰুৰ চৰণ চিন্তি, বেতৰ কোব, ডোম-চোৰাত, চমটা, একোকে কেৰেপ নকৰি সতীত্ব তেজেৰে তেজস্বিনী হৈ লৰাৰজাৰ নৰবাতী পাষণ্ডসকলৰ মনত বিস্ময় জন্মায়ে থাকিল, কিন্তু গদাপাণিৰ মনে নসলে। তেওঁ তৃতীয়বাৰ জয়মতীৰ কাষ চাপি শুধিলেগৈ :-“মানুহ জনী, তই কেলেই ইমান যন্ত্ৰণা সৈছ? গিৰিয়েৰৰ কথা কৈ তই ৰা পৰ। ” ৰাণীৰ এইবাৰ মনত বৰ বেজাৰ আৰু বিৰতি লাগিল। তেওঁ কৃত্ৰিম ক্ৰোধ দেখুৱাই ৰজাক এইবাৰ এই বুলি উত্তৰ কৰিলে:- “মোৰ গৃহস্থৰ কথা মই নকওঁ, ইবিলাকৰ কি হৈছে? এইবিলাকক কোনে ইয়ালৈ মাতিছে, গুচি নেযায় কিয়?” অৰ্থাং ছদ্মবেশে গদাধৰে তিনিবাৰ দেখা দিছেহি। যদি কেনেবাকৈ ৰজাৰ টেকেলাই গম পায়, তেনেহলে সকলো যন্ত্ৰণা লাঞ্ছনা বৃথায় যাব; এই ভাবি জয়মতীৰ কথা শুনি গদাপাণিয়ে চন্দ্ৰ-সূৰ্য্যাদি দেৱতাক সাক্ষী কৰি কলে যে " মই লুকুৱাৰপৰা আহি দেখা দি তিনিবাৰ মোৰ কথা কৈ ৰক্ষা পৰিৰলৈ কওঁহি তেও এওঁ নুশুনিলে। এতিয়া আৰু মোৰ গাত একো প্ৰত্যবায় নাই। ”

 গদাপাণিয়ে এই দৰে কৈ আকৌ নগা-পৰ্ব্বতৰ ফালে গলগৈ। চাওদাঙ্গে ১৫। ১৬ দিন ওপৰত কোৱাৰ দৰে জয়মতীক শান্তি দিও গদাপাণিৰ বিষয়ে একোকে উলিয়াব নোৱাৰিলে। শেষত স্বামীৰ চৰণ চিন্তি জয়মতীয়ে এদিন সেই পাপাত্মাপূৰ্ণ ঘৃণনীয় সঙ্গ পৰিত্যাগ কৰি, নশ্বৰ দেহ এৰি, চিৰস্মৰণীয়