পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
সাহিত্য-সংগ্ৰহ।

 লোকলৈ যদিও ভয় কৰা নাছিল, সৰহ মানুহ দেখি আশঙ্কা কৰি গদাপাণি নগা পৰ্ব্বতৰ ফালে পলাই গল।

 লৰাৰজাই গদাপাণি কোঁৱৰক ধৰিবলৈ মানুহ পচাৰ আগৈয়ে কোঁৱৰে বিয়া কৰাইছিল। বৰগোহাঁই ফৈদৰ জয়মতী এওঁৰ প্ৰথমা মহিষী, আৰু আমাৰ বৰ্ত্তমান প্ৰৱন্ধৰ নায়িকা। গদাপাণি পলাই যোৱাত তেওঁ লৰা তিৰুতা এৰি গৈছিল। লৰাৰজাৰ লোকসকলে গদাপাণিক ঘৰত নেপাই, তেওঁ পলোৱাৰ বাতৰি পাই লৰাৰজাক জনালেগৈ। লৰাৰজাৰ মন ভয়ত বৰ বিচলিত হল। পাচে তেওঁ গদাপাণিক ধৰিবৰ একোটো উপায় নেদেখি তেওঁৰ ঘৈণীয়েক জয়মতীক ধৰি আনিবলৈকে সেনা পাচিলে। সেনাসকলে ৰাজাজ্ঞা মতে জয়মতী কুঁৱৰীক ধৰি আনিলেগৈ। জয়মতী লৰাৰজাৰ ওচৰ পাওঁতেই ৰজাই শুধিলে “গিৰিয়েৰ কলৈ গল ক?” জয়মতীয়ে ৰজাৰ প্ৰশ্নৰ একো উত্তৰ নিদিলে। কেবা বাৰো প্ৰশ্ন হল, জয়মতীয়ে এবাৰো মাত একেবাৰকে নেমাতিলে। পাচে লৰাৰজাই জয়মতীক কুকুৰাচোৱা চাওদাঙ্গক সপি কি কলে “যেনেকৈ পাৰ, দণ্ড কৰিয়েই বা অইন কোনো উপায়ে হক এইৰ মুখৰ পৰা গদাপাণিৰ বাতৰি উলিয়া” কুকুৰাচোৱা চাওদাঙ্গে জয়মতীক ৰজাৰ আগৰপৰা আঁতৰাই নি, বৰ্ত্তমান জয়সাগৰৰ যত নাগ বহুৱাইছে, তাতে জয়মতীক বান্ধি ধৰি নানা শান্তি কৰি গদাপাণিৰ বাতৰি শোধে। জয়মতীয়ে নীৰৱে সকলো যন্ত্ৰণা সহি থাকিল, তথাপি নিজৰ স্বামীৰ সম্পৰ্কে এবাৰো এটি কথাকে নকলে। এদিন দুদিনকৈ ছয় সাত দিন সেই ঠাইতে কুকুৰাচোৱা চাওদাঙ্গে জয়মতীক শান্তি কৰি আছে, কিন্তু বৃথাই যন্ত্ৰণা দিয়া মাত্ৰ হৈছে, তাৰ একো কাৰ্য্য হোৱা নাই— জয়মতীয়ে গদাপাণিৰ কথা নকয়! নিতৌ চাওদাঙ্গৰ যন্ত্ৰণাত জয়মতীৰ ক্ৰন্দন ধ্বনি দশোদিশ প্ৰতিধ্বনিত হৈ উঠিল। লাহে লাহে এই কথা নগা পৰ্ব্বতত পলাই থকা গদাপাণিৰ কাণত পৰিল গৈ। নিজৰ তিৰুতাৰ যন্ত্ৰণাৰ কথা শুনি তেওঁ নগাৰ বেশ ধৰি জয়মতীক চাবলৈ আহিল। ছদ্মবেশী গদাধৰে জয়মতীক লৰাৰজাৰ সেনাৰ হাতত নানাবিধ যন্ত্ৰণা আৰু লাঞ্ছনা ভুঞ্জা দেখিলেহি। পাচে এসময়ত ছল চাই তেওঁ জয়মতীৰ ওচৰ চাপি, চিনাকী নিদি এই দৰে কলে:—“হেৰ মানুহজনী, তই কেলেই যন্ত্ৰণা ভুঞ্জি মৰিছ গিৰিয়েৰৰ কথা কৈ নিদিয় কিয়?” প্ৰথমবাৰ এই দৰে শোধাত জয়মতীৰে একো উত্তৰ নিদিলে।