পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৩৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
জয়মতী কুঁৱৰী আৰু লাঙ্গি গদাপাণি। ৩৩

 মন্ত্ৰীবিলাকৰ যড়যন্ত্ৰত আগৰ ৰজাসকলৰ দৰে অকালতে প্ৰাণ হেৰুৱাব লাগে বুলি ভয়ত আশঙ্কিত হবলৈ ধৰিলে।

 আগেয়ে মীসকলৰ কুমন্ত্ৰণাত যিসকল ৰাজপুৰুষৰ মৃত্যু ঘটিছিল, তেওঁ লোকৰ সন্তান-সন্ততিবিলাকেও সতৃষ্ণনয়নে ৰাজসিংহাসনলৈ চাই আছিল। কোনো জনে গোহাঁই ডাঙ্গৰীয়াসকলৰ গাতে আউজি কাৰ্য্য সাধিছিল, কোনো কোনো গোহাঁই ডাঙ্গৰীয়াই বা আন এজন কোঁৱৰৰ খাটনিত আকৌ পতা জনক বধি আন এজনকে পাতিছিল, কোনোৱে বা আকৌ সেই জনকো বধ কৰিবৰ মনেৰে আয়োজন কৰি ই মৰিলেই মই ৰাজ্য পাম বুলি আশাতে ৰৈ আছিল। এই দৰ কেবা ফৈদতো ৰাজ সিংহাসন আকাঙক্ষা কৰা কোৱঁৰ সকলৰ প্ৰাচুৰ্য্য দেখি লৰা ৰজাই পেটে পেটে পৰামৰ্শ সাজি ছলে-চক্ৰান্তে এই ৰাজপুৰুষসকলৰ অঙ্গক্ষত কৰি দিবৰ ফিকিৰ পাতিলে। এতিয়া ৰজা হব পৰা ফৈদবিলাকত বহুত কোৱঁৰ আছে দেখিহে মন্ত্ৰীসকলে তেওঁলোকৰ খাটনি এৰিব নোৱাৰি এজনক বধি এজনক ৰাজ্য দিয়ে, যদি সেই কোৱঁৰ বিলাক অঙ্গক্ষতাদিৰ নিমিত্তে ৰাজপদৰ অযোগ্য হৈ থাকে, তেনেহলে ৰজাৰ সিংহাসন নিষ্কণ্টক হব— লৰাৰজাই ইয়াকে ভাবি গুপ্তচৰ পঠাই কেবাজন কোৱঁৰৰ অঙ্গক্ষত কৰালে। লৰাৰজাৰ এই কাৰ্য্যত কেৱল যে ৰাজকোৱঁৰৰ অঙ্গক্ষত হৈছিল এনে নহয়, কেইবাজনক অন্যায়ৰূপে বধ কৰাও হৈছিল।

 যিসকল ফৈদৰপৰা আহোম-সিংহাসনত ৰজা হব পাৰে, সেই ফৈদবিলাকৰ ভিতৰত ‘তুং খুং’ এটি বৰ ডাঙ্গৰ ফৈদ। আমাৰ দেশত এই ‘তু খুং' ফৈদৰ বৰ নাম। কোনো জনৰ বংশ গৌৰৱ উল্লেখ কৰি উপহাস কৰিব লাগিলে আজিও লৰা তিতা সকলোৱে “ইস নেদেখিছা, এখেত জানিবা তু খুংঙ্গীয়া ফৈদৰ হে” বুলি হাঁহে। লৰা ৰজাই আন আন ফৈদৰ কঠীয়া মাৰিলে হয়, তু খুংঙ্গীয়া ফৈদৰ ফালে তেওঁ একো কৰিব নোৱাৰিলে। সেই কাৰণে তেওঁৰ মনৰ আশঙ্কা নুগুছিল। এই ফৈদৰ গোবৰ ৰজাৰ লাঙ্গি গদাপাণি এজনা বৰ বাহুবলী কোৱঁৰ আছিল। দুটা এটা গুপ্তচৰে তেওঁৰ অন্যায় কৰক ছাৰি কাষকে চাপিব নোৱাৰিলে। লৰাৰজাই সাপ মাৰি নেগুৰত বিষ এৰা বেয়া জানি মানুহ এজাকক এই গদাপাণিক ধৰিবৰ নিমিত্তে পাচি দিয়ে। দুটা এটা