সমললৈ যাওক

পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
আত্মশিক্ষা।

 দোষ গুণ পুৰ্ব্বে বুজিয়েই বা নুবুজাকৈয়ে, যেনেকৈ হওক আমি এটা নকৰিব লগা কাম কৰি যেতিয়া নিজৰ ভ্ৰম নিজে দেখিবলৈ পাওঁ, তেতিয়া অনেক সময়ত আমাৰ মনত বৰ বেয়া লাগে। বিশেষকৈ জানি শুনি নেযাব লগা বাটে যোৱাটো হল বুলি জানিব পাৰিলে সময়ে সময়ে মনত অতি কষ্ট হয়। তেতিয়া মনত “কিয় এই কাম কৰিছিলোঁ, কি অমুকটো নকৰিলোঁ, তাকে কৰা হলে মোৰ এনে হবলৈ নেপায় ইত্যাদি ভাব হবলৈ ধৰে, আৰু এনে কাম ভবিষ্যতলৈ নকৰোঁ এনে এটি সংকল্প কৰিবৰও মনে মনে ইচ্ছা হয় বা নকৰোঁ বুলি খোলাখুলি কৰি কৈ পেলোৱাই হয়।

 পাঠক, তুমি যদি এনে অৱস্থাত কেতিয়াবা পৰিছিলা, আৰু এনে সংকল্প কেতিয়াবা কৰিছিলা, তেনে হলে বুজিব পাৰিবা একোটা অপোনাআপুনি কৰা কামেনো আমাক কেনে অনুতাপত পেলায়। তেতিয়া তোমাৰ মনত এনেবিলাক নাহেনে যে মোৰ কিবা এইটো কথা বেয়া বুলি জনা নাছিল নে? সিদিনাও দেখোন অমুক সময়ত অমুক ঠাইত ঠিক এনে এটা কামকে কৰিছিলোঁ, সেই দিনাও দেখোন মোৰ ঠিক এনে এনেবোৰ অনিষ্টই হৈছিল, তেনে হলে কিয় মই ঘূৰি তাকে কৰিলো, কিয় আকৌ সেই ভ্ৰমতে পৰিলোঁ। ভ্ৰমত পৰা নপৰাতো নিজৰ ইচ্ছা আৰু চেষ্টাৰ কথা; ভাল বেয়া জানিলেই নহয়, ভাল-বেয়া জানি কাৰ্য্যও সেই অনুসাৰে কৰিব লাগে। বুজিলোঁ, ময়ে মোক বাট দেখুৱাই নুফুৰালে আনে ফুৰাব নোৱাৰে। লোকে অধিক কৰিলে, ভাল কিটো বেয়া কিটো দেখুৱাই দিলে; ভালটো কৰা বেয়াটো কৰাত মোৰেহে অধিকাৰ; মই নকৰো বুলিলে লোকে বলেৰে কিমান কৰাব? ময়েহে মোৰ কৰ্মৰ নিমিত্তে দায়ী; বেয়া কৰিলেও ময়েহে ভুগিব লাগে, ভাল কৰিলেও মোৰেহে সন্তোষ। নিশ্চয় আজিৰপৰা এনে কাম নকৰোঁ। ” এইৰূপে প্ৰথমে নিজৰ দোষ দেখা আৰু তালৈ ঘিণ হয়; দ্বিতীয়, তাৰ বাবে অনুতাপ কৰা হয়, তৃতীয় ঘুৰি সেই দোষকে নকৰিবলৈ প্ৰতিজ্ঞা কৰা হয়। এই প্ৰতিভাই আত্মশিক্ষাৰ সংকল্প। নিজৰ দোষ দেখি আৰু সেই দোষ নিৰ্মূল কৰাৰ নিজেই গৰাকী বুলি বুজি, তাক গুচাবলৈ নিজকে নিজে শিকোৱাই-মোটতে যাত লোকৰ হাত নাই, তেনে এটা কথাত আপনাকে আপুনি শিক্ষা দিয়াই—আত্মশিক্ষা।