পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪
সাহিত্য-সংগ্ৰহ।

 ভাল হবৰ সকলোৰে মন যায় আৰু আত্মশিক্ষা নকৰিলে ভাল হোৱাটো বৰ টান, এই কথা প্ৰায় সকলোৱে বুজে । গতিকে আত্মশিক্ষা অভ্যাস কৰিবলৈ মোৰ মন যায়। কিন্তু শিক্ষাৰ গতি গোত্ৰ নুবুজাৰপৰা শিক্ষাটি সুসম্পন্ন অলপ লোকৰহে হয়।


 আত্মশিক্ষাৰ উদ্দেশ্য কেৱল সাংসাৰিক ঐশৰ্যই হব নেলাগে। অলপ ভাবি চালেই ধৰিব পাৰি যে আত্মাৰ শুদ্ধিয়েই হে ঈশ্বৰৰ ইচ্ছা আৰু তাকে কৰিব পাৰিলেহে আমাৰ নিজৰো মনত নিৰ্ম্মল সন্তোষ লাগে। কোনোৱে ভুল কৰি সাংসাৰিক ঐশ্বৰ্য্যকে আত্মশিক্ষাৰ পৰীক্ষা বুলি ভাবে। সংসাৰী কথাতে সফল নহলেই আত্মশিক্ষা নিয়মিতৰূপে হোৱা নাই বুলি ঠিৰাং কৰাটো উচিত নহয়, সাংসাৰিক ঐশ্বৰ্য্য বেয়া এইটি কথা আমি কোৱা নাই, কিন্তু অকল তালৈকেহে শিক্ষা লাগে, ভাবিলে শিক্ষা নহয় -এইটিহে কৈছোঁঁ । সংসাৰ শক্তিশালী হবলৈ অনেক উপায় কৰিব পাৰি, ধন বস্তু পৰিশ্ৰম ৰুধিও কৰিব পাৰি। সেই কাৰণে ধন হোৱাই যদি আত্মশিক্ষাৰ উদ্দেশ্য হয় তেনেহাল জঘন্য কাম কৰিবলৈকো সময়ে সময়ে মন যাৰ। সেই কাৰণে এই বিধৰ শিক্ষক আত্মশিক্ষা বুলিব নোৱাৰি। আত্মশিক্ষাৰ উদ্দেশ্য হৈছে আত্মাক উন্নত কৰা, অধৰ্ম্ম এৰি ধৰ্ম্মৰ বাটে যোৱা, পৰমেশ্বৰৰ ইচ্ছা সম্পাদন কৰা । এই নিমিত্তেই পৰিণামদৰ্শিতাও ইয়াত নিয়মিতৰূপে খাটে, অধিককৈ খটাবলৈ গলে লাভ নহৈ হানিহে হয়। পৰিণামদৰ্শিতাই ভাল-বেয়া কি তাকে দেখুৱাই নিব পাৰে, তাতকৈ বেচি কৰিব নোৱাৰে; আৰু আত্মশিক্ষাৰ গোটে-ইটো তাৰ পৰিণামদৰ্শিতাৰ ওপৰত দিলে উপকাৰ নহৈ অপকাৰ হে হয়। পৰিণামদৰ্শিতাৰ বলত ৰাজসম্মানো পাব পাৰিব পাৰা, জগতকে জয় কৰিব পাৰা,কিন্তু যথাৰ্থ সজ কাম কৰি, সজ কাম কৰাৰে ফল স্বৰূপ যিটো নিৰ্ম্মল সন্তোষ আমি লভোহঁক সেই সন্তোষ এনে চুটিঠেঙ্গীয়া আত্মশিক্ষাৰ পৰা হব নোৱাৰে; দুৰ্দান্ত মনক পৰমেশ্বৰৰ চৰণে নদমালে দমাওতা নাই। সেই কাৰণে ঈশ্বৰত ভক্তি কৰি তেওৰ চৰণতে মতি থৈ আত্মশিক্ষাত এখোন দেখোজকৈ আগবাঢ়িব লাগে। আমাক সজ পথত প্ৰবৰ্ত্তাবলৈ, আমাৰ মনক সজ কামত ৰাখিবলৈ কৰক ঈশ্বৰক প্ৰাৰ্থনা কৰা আত্মশিক্ষাত বৰ সহায় হয়। প্ৰাৰ্থনা কিন্তু জিভা লৰাই নাম ললেই ও দীঘল হৈ সেৱা কৰিলেই নহয়, মনে প্ৰাণে প্ৰাৰ্থিত