ৰিকাতো ইংলণ্ডৰ নিচিনা মানুহৰ মাজত সম্পত্তিৰ কি অসামঞ্জস্য হৈছে, তাৰ দ্বাৰাই কালত মাৰ্কিনজাতিৰ সমাজৰ অৱস্থা বেয়া হৈ দেশী সভ্যতাৰ অধোগতি হবৰ সম্ভাবনা আছে।
⸻
মানুহ হলেই দোষ গুণ দুইৰো ভাগী হব লাগে। এজন জ্ঞানী লোকে লিখি গৈছে, “মানুহৰ কীৰ্তি কেতিয়াও ভ্ৰমত নপৰাটো নহয়, এবাৰ এটা ভ্ৰমত পৰি পুনৰায় সেই ভ্ৰমতে নপৰাটো হে। ” আমাৰ ঋষিসকলৰ “মুনীনাঞ্চ মতিভ্ৰম" এই সাৰ কথাষাৰো তাৰেই প্ৰমাণ মাত্ৰ। আমাৰ বুদ্ধি-শক্তি যে অনেক কথালৈ অনাটন তাৰ প্ৰমাণ পদে পদে পোৱা যায়। আমাৰ জ্ঞান ইমান বৰ টান, বৰ টান কিয়, বাস্তবিক অসম্ভৱ। আমাৰ বল বুদ্ধি সকলো অলপ। আমাৰ নিজৰ ভ্ৰম দেখিবৰ জোখাৰে জ্ঞান আমাৰ আছে। এনেকৈ কওঁতে পাঠক নোভাবিব যে আমি সকলো কথাৰে দোষ গুণ বুজিব পাৰো; যথাৰ্থতে সেইটি নহয় বুলি অলপ ওপৰতে কোৱা হৈছে। আমাৰ ভ্ৰম দেখিবৰ জোখাৰে জ্ঞান আমাৰ আছে, এই কথাৰ মানে এই যে সেই অলপ জ্ঞানেৰে দেখিব পৰা দোষেই আমাৰ অনেক থাকে। নিজেই ভাল বুলিব নোৱাৰা কামকে আমি কিমান কৰো আৰু নকৰাকৈ আমাৰ কেইটা দিন যায় অলপ গমি চালেই পাঠকে বুজিব পাৰিব। আমি যতবোৰ বেয়া কাম কৰো তাৰ প্ৰায় সকলোকে বেয়া বুলি জানো, তেও ইন্দ্ৰিয় ভোগত লুব্ধ হৈ বা ৰিপুৰ বশ হৈ ঘূৰি ঘূৰি আকৌ তাকে কৰো পুৰ্ব্বে বেয়া বুলি নজনা আৰু মনেচিতে ভাল বুলি ভবা, পৰিণামত বেয়া প্ৰমাণ হোৱা কাৰ্য্য অকস্মাৎ এটি দুটি ওলাব পাৰে, কিন্তু আমাৰ দোষ যে অধিকাংশই আগৰ শ্ৰেণীৰ অতি কম হে, তাৰ বোধ হয়, কোনেও অস্বীকাৰ নকৰে। কাৰ্য্যৰ