পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/২৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


________________

মানৱজাতিৰ সভ্যতা। গঢ় লয়। দেশত সাম্যভাৱৰ পৰিৱৰ্তে দাসৰ বান্ধ দিনে দিনে টান হবলৈ ধৰে। জাতীয় সভ্যতা, সমাজৰ এনেকুৱা অৱস্থাৰ বাবে, ক্রমে পিচলৈ হ'হকিবলৈ আৰম্ভ কৰে। এই গল সমাজত ৰাজনৈতিক স্বাধীনতাৰ কথা। মানুহৰ ধৰ্ম্মবিষয়ে সাম্যভাৱ নহলে দেশীয় সভ্যতাৰ অৱস্থা আৰু বেয়া হয়। ওপৰত দেখুৱা মতে সমাজত যেনেকৈ এদল কুলীন ডাঙ্গৰীয়াৰ সৃষ্ট হয়, সেই দৰে ধৰ্ম্মযাজকবিলাকো সমাজৰ অভিব্যক্তিত সাধাৰণ মানুহৰপৰা বহুত দূৰৈত গৈ পৰে। নিজ সুবিধাৰ নিমিত্তে ধর্মযাজকবােৰে নানা নিয়ম-প্রণালী কৰি সমাজত সিহঁতৰ শ্রেষ্ঠ ভালকৈ থাপি লয়। সিহঁতে যি বিধি দিয়ে তাক লজন কৰিলে সাধাৰণ মানুহবোৰ সমাজচ্যুত হয়। আধ্যাত্মিক স্বাধীনতা নেপাবৰ কাৰণে নীচ শ্ৰেণীৰ মানুহবােৰৰ শিক্ষা নিষিদ্ধ বুলি সিহঁতে নিয়ম কৰে। এই কমে সমাজত ধৰ্ম্মবিষয়ে সাম্যভাৱ আৰু স্বাধীনতা নােহাৱা হয় আৰু কমে দেশীয় সভ্যতাও তললৈ নামে। সমাজত এনেকুৱ। সন্মিলন, সাম্যভাৱ আৰু স্বাধীনতা নােহােৱাৰ কাৰণেই যে জাতীয় সভ্যতাৰ উন্নতিৰ গতিৰোধ হৈ শেহত সি ধ্বংশ পাইছে তাৰ বহুত উদাহৰণ দেখুৱাব পৰা যায়। পৃথিবীত যিবিলাক পুৰণি জাতিৰ সত্য, তাই লােপ পাইছে, সেইবিলাকৰ অৱনতিৰ কাৰণ বিচাৰি চালেই এই কথাৰ সত্য তা ভালকৈ বুজিব পৰা হব। হিন্দু সমাজৰ বহুত অনিষ্টকৰ ভিতৰুৱা পৰিবৰ্তন হােৱাৰ বাবেই যে হিন্দু সভ্যতাৰ অধোগতি হল, তাক হিন্দু মাত্রেই জানে। পুৰণি ভাৰতবৰ্ষৰ বুৰঞ্জী পঢ়েতাসকলে দেখিছে যে, প্রায় মহাভাৰতৰ সময়ৰপৰাই ভাৰতবৰত সম্মিলন নাই। তেতিয়াৰপৰা পৃথুিৰাজৰ সময়লৈকে ভাৰতবৰ্ষত নানা সৰু সৰু ৰাজ্য হৈ পৰস্পৰৰ মাজত বিবাদ আৰু অনৈক্য চলি আহিছিল। সেই অনৈকাৰ ফলত ভাৰতবৰ্ষত মুছলমানৰ ৰাজত্ব হল ; হিন্দু গৌৰৱ, হিন্দু স্বাধীনতা আৰু হিন্দু সভ্যতাৰ মূৰত কুঠাৰৰ বা পৰিল। ভাৰতবৰ্ষত অকল সম্মিলনৰ অভাৱৰ নিমিত্তেই হিন্দু সভ্যতাৰ অৱনতি হোৱা নাই। বহু দিনৰ আগৰপৰা হিন্দু সমাজৰপৰা সাম্য আৰু স্বাধীনতাই বিদায় গৈছে। শেহত ৰজাৰ ৰুমত গোচাষী হৈ উঠিল, ৰজা-প্রজাৰ মাজত সৰ্গ-মৰ প্ৰছে হল, ব্রাহ্মণবিলাকৰ ক্ষমতা