পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
মানৱজাতিৰ সভ্যতা।

জাতিৰ মানুহবোৰে সিহঁতৰ পূৰ্ব্বপুৰুষবিলাকৰ কীৰ্ত্তিৰ চিনবোৰ দেখি তধা মানি তেওঁলোক দেৱশক্তিসম্পন্ন আছিল বুলি অনুমান কৰে।

 মানৱজাতিৰ সভ্যতাৰ উন্নতি আৰু অৱনতিৰ নিয়ম তেনেহলে কি? আমি ওপৰত আলোচনা কৰাৰপৰা দেখিছোঁ যে, সমাজৰ উন্নতি বা অবনতি, সমাজৰ ভিতৰৰ মানুহবিলাকৰ স্বাভাবিক গুণ বা দোষৰ কাৰণে নহয়, আৰু দেখিছো বহিৰ্জগতৰ কাৰ্য, যেনে, থকা ঠাইৰ গুণ বা দোষৰ বাবে জাতি সভ্য বা অসভ্য নহয়। কালৰ গতিত মানুহৰ সমাজে বহুত অৱস্থা পায়। সেই সেই অৱস্থাত সমাজত এক প্ৰকাৰৰ ৰীতি, নীতি, বিশ্বাস, ভাষা, নিয়ম, অনুষ্ঠান প্ৰভৃতিৰ সৃষ্টি হয়। সমাজৰ সেইবিলাক অঙ্গৰ কোনোটিৰ কোনো বিশেষ অৱস্থাৰ বাবে সমাজৰ উন্নতি বা অৱনতি হৈ থাকে। সেই বিশেষ অৱস্থাবিলাক কেনে, তাক ক্ৰমে বিচাৰ কৰা যাব।

 আমি আগেয়েই উনুকিয়াইছোঁ যে অভিব্যক্তিৰ নিয়মবিলাকৰ দ্বাৰাই সমাজৰ উন্নতি হোৱা দেখুৱাব পাৰিলেও সমাজৰ উন্নতিৰ গতিৰোধ বা অৱনতিৰ কাৰণ নিৰ্দেশ কৰিবলৈ অভিব্যক্তিবাদীবিলাক অপাৰগ। বাকি অভিব্যক্তিৰ নিয়ম অনুসাৰেই মানুহে বেলেগ বেলেগ জীৱন এৰি সামাজিক জীৱন নিৰ্ব্বাহ কৰে, সেই নিয়মবোৰৰ মতেই সমাজৰ সহজ অৱস্থা গুচি বিষম অৱস্থা হয়। বিষম শব্দৰ দ্বাৰাই ইয়াত কুটিল আৰু মেৰপাক-খোৱা বুজুৱা গৈছে। সমাজ স্থাপিত হোৱাৰ আগেয়ে প্ৰত্যেক মানুহ বেলেগ হৈ আছিল। পাচে কাৰ্য্যৰ গতিত মানুহবোৰে দেখিলে যে বেলেগ ভাৱে জীৱনযাত্ৰা নিৰ্ব্বাহ নকৰি বহুত একেলগে মিলি থাকিলে নানা সুবিধা হয়। অনুমান হয়, মানুহবোৰৰ মাজত যুদ্ধ-বিগ্ৰহ আৰু প্ৰতিদ্বন্দ্বিতা থকাৰপৰাই এই একেলগে থকা ভাব মানুহৰ মনত উপজিল। সেই সুবিধাবিলাক পাবৰ কাৰণে পাচত বহুত পৰিয়াল গোট খাই সিহঁতৰ মাজত এক সমাজ গঢ়িলে। অভিব্যক্তিৰ নিয়মানুসাৰে অনিশ্চিত, অসংলগ্ন আৰু সহজ একাকাৰ অৱস্থাৰ পৰা সমাজ লাহে লাহে নিৰূপিত সামঞ্জস্য থকা আৰু সন্ধিযুক্ত বিষমাৱস্থালৈ যাবলৈ ধৰিলে। কৰ্ম্মবিভাগ, বহুত মানুহৰ সন্মিলন আৰু পৰস্পৰ সাহায্যৰ দ্বাৰাই সমাজ ক্ৰমে উন্নতিৰ বাটত আগ বাঢ়িবলৈ ধৰিলে। এই সন্মিলনৰ লগত আৰু দুটি গুণ থকাত সমাজে সোনকালে উন্নতিলাভ কৰিলে। সেই