পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
সাহিত্য-সংগ্ৰহ।

নতুন ৰাজ্য পাতি ভাৰতবৰ্ষতে ৰাজত্ব কৰিছে। অতি প্ৰাচীন কালৰপৰা ভাৰতত বিদেশীৰ প্ৰভুত্ব চলি আহিছে। ইমান দিন বিদেশীৰ প্ৰভুত্বৰ বলত যে হিন্দু সমাজৰ অলপো গঢ়-গতি লৰা নাই এনে নহয়। ৰাজনৈতিক বিপ্লৱবোৰৰ লগে লগে একোটা ভয়ানক সামাজিক বিপ্লৱ হৈ উঠে; তাতে সমাজৰ বহুত লৰচৰ হয়। তাৰ ওপৰত আকৌ ভাৰতবৰ্ষৰ ভিতৰতে নানা নতুন ধৰ্মৰ সৃষ্টি হৈ দেশত বহুত ধৰ্মবিপ্লৱ হৈছে। সেই ধৰ্ম্মবিপ্লৱবোৰৰ আনুসঙ্গিক সমাজৰ লৰচৰো বহুত হৈছে। হিন্দু সমাজক ইমান ৰক্ষণশীল প্ৰকৃতি নোহোৱা হলে ভাৰতবৰ্ষত যিমান ৰাজবিপ্লৱ আৰু ধৰ্ম্মবিপ্লৱ হৈছে, এই বোৰৰ দ্বাৰাই ইমান দিনে হিন্দু সমাজৰ গঢ় যে একেবাৰেই লৰিলহেঁতেন, এনে অনুমান হয়।

 তেনেহলে দেখা গল, সমাজৰ লৰচৰ কৰিব নোৱাৰা অৱস্থা হৈ তাত নতুন উন্নতি সোমোৱাৰ বাট মাৰ যোৱাৰ বাবেই মানৱজাতিৰ সভ্যতাৰ অৱনতি হৈছে এনে নহয়। বুৰঞ্জী চালে জানিব পৰা যায়, যে পৃথিবীৰ সমাজবিলাকৰ বহুতৰ অকল উন্নতিৰ বাট বন্ধ হৈয়েই থকা নাই। বহুত সমাজে উন্নত অৱস্থাৰপৰা নামি একেবাৰে তললৈ গৈছে। দৰাচলত সমাজবোৰৰ গতিৰ ফালে অলপ মন কৰিলেই এনে বোধ হয় যে কালৰ গতিত প্ৰত্যেক সমাজৰে উত্থান উন্নতি আৰু অধঃপাত হব লাগিছে। পৃথিবী বহুত উন্নত সভ্যতাৰ সমাধি-ঠাই। বহুতে সমাজৰ সভ্যতাক কাল্পনিক চৰাই ফেনিক্সেৰে তুলনা কৰে। এনে প্ৰবাদ আছে যে, এটা ফেনিক্স চৰাই বহুত দিন জীয়াই থাকি পাচত মৰিলে তাৰ শৰীৰৰ যি অৱশেষ থাকে, তাৰেপৰা আৰু এটি নতুন ফেনিক্সৰ সৃষ্টি হয় আৰু সেই ফেনিক্সটিও সেই দৰে মৰি আৰু এটি নতুন ফেনিক্সৰ জনম লোৱায়। সেই দৰে এক সভ্যতা মৰি তাৰ ঠাইত আৰু ন সভ্যতা এটাৰ সৃষ্টি হয়। পৃথিবীত এই দৰে কত সমাজ সভ্যতাৰ জখলাত ভৰি দি ওপৰলৈ উঠিল, কালক্ৰমত আকৌ তললৈ নামিল। কতবাৰ বিজ্ঞান, দৰ্শন, বাণিজ্য, শিল্পৰ উন্নতি হৈ আকৌ অধোগতি হৈছে। যি জাতিয়ে এক সময়ত পিৰামীড সাজিব পাৰিছিল, কলোচচ্ গঢ়িব পাৰিছিল, পৰ্ব্বত শিল কাটি ডোখৰ ডোখৰ কৰিছিল; সাগৰত সেতু বান্ধিছিল, সেই জাতি আজি অৰ্দ্ধসভ্য বা অসভ্য বুলি পৃথিবীত গণ্য হৈছে। এতিয়া সেই