গুণ দুটিৰ এটি সাম্যভাৱ, আনটি স্বাধীনতা। সমাজৰ সকলো মানুহ সমান, সকলোৰে সমান অধিকাৰ, এয়ে সাম্যভাৱ। সমাজৰ কোনো মানুহ কাৰো দাস নহয়, কোনো মানুহে কিছুমান স্বাভাবিক গুণ অধিকাৰ কৰি আন মানুহৰ ওপৰত ৰাজ কৰিব নোৱাৰে, মূল কথা, সমাজত কাৰো আগত কোনোৱে মুৰ দোঁৱাব নেলাগে, এয়ে স্বাধীনতা। এই তিনটা অঙ্গ সমাজত থাকিলে, সমাজ সভ্য হৈ থাকে, সেই গুণ কেইটা আঁতৰিলে সমাজৰ উন্নতিৰ গতিৰোধ হৈ সি তললৈ নামি আহে। সমাজত সন্মিলন আৰু পৰম্পৰ সহানুভূতি থাকিলে মানুহৰ অৱস্থা উন্নত হয়. এটাইবিলাক মানুহে লগ লাগি সমাজৰ উন্নতিৰ কাৰণে পৰিশ্ৰম কৰিলে সিহতে সভ্য নাম পায়। সন্মিলন আৰু ঐক্য নহৈ সমাজত বিবাদ আৰু যুদ্ধ-বিগ্ৰহ হলে সমাজৰ অৱনতি হব। মানুহবোৰে বিবাদত লিপ্ত থাকি সমাজৰ উন্নতিৰ কাৰণে পৰিশ্ৰম কৰিব নোৱাৰে। পৰস্পৰ বিবাদ আঁতৰিলেই আকৌ সমাজৰ উন্নতি হবলৈ পৰে। বুৰঞ্জী চালে ইয়াৰ বহুত উদাহৰণ পোৱা যায়। প্ৰাচীন কালত এথেন্স আৰু স্পাৰ্টাৰ মাজত যি যুদ্ধ-বিগ্ৰহ হৈছিল, তাৰ নিমিত্তে বহুত দিন গ্ৰীচত সভ্যতাৰ উন্নতি নহৈ আগৰ সভ্যতাই লোপ পাবলৈ আৰম্ভ কৰিছিল। এনেতে মেচিডন ক্ষমতাই, বৃদ্ধি পাই যেতিয়া গোটেইখন গ্ৰীচ অধিকাৰ কৰিলে, তেতিয়া এথেন্স্, স্পৰ্টাৰ পৰস্পৰ বিবাদ নোহোৱা হল। মেচিডনৰ অধীনত গ্ৰীক জাতি আকৌ উন্নত হৈ উঠিল। ইংলণ্ডত নৰ্ম্মাণ অধিকাৰ হোৱাৰ আগেয়ে সেই দেশৰ বেলেগ বেলেগ সম্প্ৰদায়বোৰৰ মাজত অনৈক্য আছিল। ডেন্সবিলাকে চেক্সনবিলাকেৰে বিবাদ কৰিছিল। প্ৰথম উইলিয়মে ৰাজত্ব কৰাৰ সময়ৰপৰাই সেই বিবাদৰ অন্ত পৰিল। এঙ্গল, চেক্সন, জুট, ডেন প্ৰভৃতি বেলেগ বেলেগ জাতিবিলাক নৰ্মাণ ৰাজত্বৰ তলত গোট খাই এটা জাতি হল, সেই জাতিৰ মাজত সম্মিলন হবলৈ ধৰিলে। ইংৰাজ জাতিৰ সভ্যতাৰ সূত্ৰপাত তেতিয়াৰপৰাই হয়। আধুনিক সময়ত ভাৰত বৰ্ষতো এইদৰে ইংৰাজ ৰাজত্বৰ অধীনত সম্প্ৰদায়বিলাকৰ মাজত বিবাদ গুচিবলৈ আৰম্ভ হৈছে। এনে এটা দিন আহিব, যেতিয়া ভাৰতবৰ্ষৰ সমাজত সম্মিলন হব, ভাৰতবৰ্ষত আকৌ সভ্যতাৰ উন্নতি হব। মানুহৰ মাজত সম্মিলন ওপজোৱাৰ এটা ঘাই উপায় বাণিজ্য। বাণিজ্যত সংলিপ্ত থকা