দিন যায়, আহে ৰাতি, আয়ুষ গইছে টুটি
লাহে লাহে চমু ছাপি আহিছে মৰণ।
সংসাৰ যুঁজৰ ঠাই, ৰবৰ সকাম নাই,
কাছি-পাৰি যুজাঁ সৱে কৰি প্ৰাণপণ॥
এলাহ নিহালি থোৱা, বীৰ-বেশ গাত লোৱাঁ,
নহবা মৰাৰ প্ৰায় মানুহ-সন্তান।
নহবা গরুৰ দৰে, খুচিলেহে খোজ ধৰে,
ৰণত বীৰেন্দ্ৰ বুলি হোৱাঁ খ্যাতিমান।
কল্পনা-চকুৰে চোৱা, যেনে কি সুন্দৰ পোৱাঁ,
নকৰিবা দূৰ ভৱিষ্যক পতিয়ন।
অতীত মৰিল গ’ল, তাৰ কথা অন্ত হল,
মনৰ পৰাই তাক কৰাঁ বিসৰ্জ্জন॥
যিহকে আগত পোৱাঁ, ততালিকে কৰি লোৱাঁ
জীৱন্ত জাগ্ৰত বৰ্ত্তমান সময়ত।
সাহক সাৰথী কৰাঁ, কৰ্ত্তব্যৰ পাচে লৰা,
ঈশ্বৰ কৰুণাময় আছে ওপৰত॥
মহা মহা পুৰুষৰ, চানেকীৰে জীৱনৰ,
আমিও কৰিব পাৰোঁ জীৱন গঢ়িত।
অভিনয় শেষ হলে, জীৱনৰ অন্তকালে,
থই যাব পাৰোঁ খোজ সময়-বালিত॥
কেতিয়াবা হব পাৰে, কোনো দুৰ্ভগীয়া নৰে,
জীৱন-সমুদ্ৰ মাজে নাও বুৰ গই।
অঠাই পানীত পৰি, ককবক কৰি কৰি,
ঢউৰ কোবত যদি আহি পাৰ পায়,
দেখি সেই খোজবোৰ, হব তাৰ আশা ঘোৰ,
সাহ কৰি খোজে খোজে খোজ লব পাৰে।
তেনেহলে বলা ভাই, শুবৰ সকাম নাই,
অপূৰ্ব জেউতি চোৱাঁ উন্নতিৰ শিৰে॥
পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৪৫
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৪৩
জীৱন-সংগীত।
