পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৪
সাহিত্য-সংগ্ৰহ।

শিকাঁ সবে পৰিশ্ৰম,   শিকাহে নীতি ধৰম
 নেভাবিবা সুখ দুখ কিনো কপালত।
কৰ্তব্যৰ পাচে লৰাঁ,   ক্ৰমাগত কাম কৰা
 ফলাফল ফলদাতা বিভুৰ হাতত॥



ধুমুহা।

মুকুলি হিয়াৰ,   মুকলি দুৱাৰ,
  কত ভাব আহে যায়;
কল্পনা-বিহাৰী,   কল্পনা-লগৰী
 নিফুট বাঁহীটি বাই।
অতীত ভবিষ্য   চক্ষুৰ অদৃশ্য,
 দুখনি সুন্দৰ থান;
স্মৃতিৰ পথত,   কল্পনা-ৰথত,
 জোৰেহি মিলন তান।
সোঁৱৰনী পট,   আনন্দ জগত,
 মধুৰ মিলন কথা;
ভবিষ্য মুৰতি,   আশাৰ ছবিটি,
 মৰমে মৰমে গঁথা।
পাহৰা সুঁৱৰি,   বিমানত চৰি,
 উটি বুৰি ফুৰে মন;
আকাশী স্বপ্নৰ,   সাজি সুখ ঘৰ,
 আকুল উদাস প্ৰাণ।
নিৰ্ম্মল আকাশ,   কত হাবিয়াস,
 পিন্ধিব মুকুতা মণি;