পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৯
পুৱা।

জীৱনৰ যুঁজ এৰি, কাম, কৰ্ম্মী, হুয়ো
 শঁতাইছে যুজৰ ভাগৰ;
বিয়াপি অসীম বিশ্ব, এন্ধাৰ-এলাহ
 গতিহীন স্থিতি জগতৰ।
কোনোবা দেশৰ পৰা ধীৰ সোঁত বলি
আহিছে এখনি জুৰ নৈ;—
ৰিণিকি ৰিণিকি এটি নীৰৱ কবিতা
 বাজিছে বুকত ৰৈ ৰৈ।
জোনাক জোনাক বুলি জীৱন বিচাৰি
 এন্ধাৰত প্ৰকৃতি আতুৰ;
জোনাক জীৱন খুজি ওপঙ্গি ফুৰিছে
 নিফুট অ্যাকুল এটি সুৰ।
কাতৰ সুৰত পমি নিয়মবিহোঁতো,
 প্ৰকৃতিৰ প্ৰবোধি মনক,
দিবলৈ মনে মনে জোনাক-মাননী,
 পাচিছে পুৱাৰ বতাহক।
স্বৰ্গৰ, বাতৰি পাই অপেক্ষি জোনাক
 প্ৰকৃতিৰ উত্ৰাবল চিত;
বলিছে শীতল বায়ু, নাচিছে লতাই,
 ফুল কলি হাঁহিছে থুপিত।
দুটিমান জোনাকৰ সোণোৱালি ৰেখ
 লাহে লাহে ভৈয়াম নামিছে;
সৃষ্টি-পাতনিৰ সেই জীৱন্ত ছবিটি
 ঘূৰি আহি ভুমুকি মাৰিছে।
লোকালোক সাগৰত উটিবুৰি ফুৰা
 জীৱনৰ পবিত্ৰ তাৰটি;
এধা আলো এধা ছাঁত ফুলো ফুলো কৰি
 প্ৰকৃতিক ধৰিছে সাবটি।