পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
সাহিত্য-সংগ্ৰহ।

কৌৰৱে আলচি কৰি সাস,   পাঞ্চপাণ্ডৱৰ বনবাস,
 ঢঙ্কাই খেদিলা ঘোৰ অৰণ্যক লাগি।
সিটো কৌৰৱৰ অপমান,   বিলাই বিপত্তি ভৈল মান,
 ভীমৰ বচনে আনক দিলা বঢ়াই।
ধৰ্ম্ম নৃপতিৰ অভিপ্ৰায়,   তুমি যাইবা কৌৰৱৰ ঠাই,
 সাম্যতা বচন বুলিবা গৈয়া বুজাই॥
ই বেলি কৌৰৱে আন এৰি,   আমাক মাৰিবে জুইত পুৰি,
 তেবে পৰা ক্ৰম ভীমৰ সিজে বৰাই।
ধিক্কাৰ ভীমৰ বাহু বল,   ধিক অৰ্জুনৰ ধনু-শৰ,
  ক্ষত্ৰিয় জাতিৰ হেন শোকাতুৰ তনু।
অসমৰ্থ ভৈলে দোষ নাই,   নপুংসক ভৈল পাঞ্চভাই,
 লোৱা দামোদৰ আসম্বাৰ পাঞ্চধনু।
ধ্ৰুপদ ৰজাৰ বিমানে,   যজ্ঞৰ্বেদী আতি শুদ্ধ থানে,
 জনম লভিলোঁ দ্ৰুপদে তুলিলে মোক।
ধৃষ্টদ্ৰুম্য আদি মোৰ ভাই,   পিতা দ্ৰুপদে বৰ চাই,
 সজ সিদ্ধ কুলে বিবাহ দিলন্ত মোক।
যাৰ সুকোমল বাক্য সাধু,   পাণ্ডু নৃপতিৰ কুলবধু
 প্ৰিয়ভাৰ্য্যা ভৈলোঁ পাঞ্চভাই পাণ্ডবৰ।
তুমি যাৰ সখি গদাপাণি,   আমি অসমৰ্থ কোন মানি,
 গুণি চোৱাঁ দুখ কোন গুণে হীন পৰ॥


পুৱা।


 গহীন পুৱতী নিশা।   নিতাল জগত।
  কতো নাই জোনাকৰ চিন।
নিমাত বিশ্বৰ বাঁহী,   নিজম চেতনা;
 সুৰ ভুলা জীৱনৰ বীণ।