পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬
ৰামায়ণ।

সীতাৰ দেখিয়া রূপ কৌশল্যা দেবীৰ।
অমৃতৰ পানে যেন জুৰাইল শৰীৰ॥
চাৰি কুমাৰৰ বিয়া ভৈল একেবাৰে।
দেখিয়া আনন্দ আতি মিলিল সবাৰে॥
নানা নৃত্য গীত বাদ্য বাজন বজাইল।
ৰামক সীতাক লোকে দেখিবাক আইল।
দুহানৰ ৰূপ আতি দেখি বিপৰীত।
নয়ন ভৰিয়া যেন পিৱয় অমৃত॥
দিলা আনি লোকে যত যৌতুক অপাৰ।
সুবৰ্ণ ৰজত ৰত্ন বস্ত্ৰ অলঙ্কাৰ॥
ৰাজাগণ আইলা লৈয়াযৌতুক সভাৰ।
নানা ৰত্নে ভূপতিৰ ভৰাইলা ভণ্ডাৰ॥
দশৰথে সমস্তকে প্ৰসাদে ৰঙ্গিলা।
বস্ত্ৰ অলঙ্কাৰ পুষ্প চন্দনে তুষিলা॥
চাৰিয়ো পুত্ৰক সমুচিতে বণ্টা দিলা।
হস্তী ঘোঁৰা ৰণ ৰাজ্যে মন সন্তোষিলা॥
অনায়াসে ভৈল বিয়া চাৰিও পুত্ৰৰ।
পৰম কৃতাৰ্থ মন ভৈলা নৃপবৰ॥
শুনিয়োক সভাসদ পদ আদিকাণ্ড।
ৰামৰ চৰিত্ৰ যেন অমৃতৰ ভাণ্ড॥
সংসাৰ মধ্যত ইসি মহা ধৰ্ম্ম সাৰ।
বোঁলা ৰাম ৰামসুখে তৰিয়ো সংসাৰ॥