পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৫
। বাটত পৰশুৰামৰ সৈতে ৰামৰ সাক্ষাত আৰু পৰশুৰামৰ পৰাভৱ।

দেখি নগৰীয়া লোকে ৰাজা আসিবাৰ।
তেতিক্ষণে কৰিলা নগৰী জাতিষ্কাৰ॥
সাজি মাজি লিপিলা বিচিত্ৰ গন্ধজলে।
পতাকা তোৰণ ধ্বজা ৰঞ্জিলা চিৰলে॥
তাম্বুলী কদলী ৰুইল ঠোকে সমন্বিত।
থানে থানে আলাপন কৰিলা ৰঞ্জিত॥
মুখত পল্লব ফলে পাতি পূৰ্ণঘট।
ঘৃতৰ প্ৰদীপ দিলা তাহাৰ নিকট॥
ওবাৰে ইৰাৰে ছলি থাপিলা প্ৰবন্ধি।
লগাইলা বিচিত্ৰ ধূপ অগৰু সুগন্ধি॥
কুসুম চন্দন হাতে লৈয়া দুৰ্ব্বাক্ষত।
চড়িলন্ত নাৰীগণ গৃহ ওপৰত॥
আতি মনোহৰ পুৰী অযোধ্যানগৰ।
তাৰ মাজে যান্ত দশৰথ নৰেশ্বৰ॥
চাৰি পুত্ৰ চাৰি কন্যা যান্ত ৰঙ্গ মনে।
দূৰ্ব্বাক্ষত পুষ্প বৰিষন্ত নাৰীগণে।
উৰুলি জোকাৰ জয় অনেক মঙ্গলে।
ভূমিত পৰিলা পুষ্প শতেক সদলে॥
নগৰত মিলি গৈলা আনন্দ প্ৰচুৰ।
পুত্ৰগণ সমে ৰাজা পাইলা অন্তঃপূৰ॥
কৌশলা সুমিত্ৰা সতী সুন্দৰী কৈকেয়ী।
কণ্যাগণ সমে দীপ ঘট হাতে লই॥
তিনি মহাদই নানা মঙ্গল আচাৰে।
সিঞ্চি দূৰ্ব্বাক্ষত পুষ্প উরুলি জোকাৰে॥
ভিন্নে ভিন্নে আসি পাচে তিনি পটেশ্বৰী।
আপোনাৰ পুত্ৰ বোহাৰীৰ হাতে ধৰি॥
নানা ব্যৱহাৰে গৃহ কৰাইলা প্ৰবেশ।
পুত্ৰবধু দেখি পাইলা আনন্দ আশেষ॥