অনন্তৰে বিদায় লইয়া শ্ৰীৰামত।
গৈলন্ত পৰশুৰাম হৰিষ মনত॥
দশৰথে দেখি আতি বিক্ৰম ৰামৰ।
মনত হৰিষে প্ৰশংসিলা বহুতৰ॥
ধন্য ধন্য পুত্ৰ তুমি ভৈলাহা আমাৰ।
ৰহিল তোমাৰ যশ জুৰিয়া সংসাৰ॥
অসিলা পৰশুৰাম খেপি যেন যম।
তাহাঙ্কো জিনিলা ৰণে কৰিয়া বিক্ৰম॥
সাধু সাধু ৰাম তুমি বংশৰ তিলক।
গলে বান্ধি ৰাজা ধৰিলন্ত ৰাঘৱক॥
উপজিল প্ৰেম তনু ভৈলা পুলকিত।
পাইলেক সন্তোষ যেন পিৱন্তে অমৃত॥
আকাশত তৃপিতি ভৈলন্ত দেৱগণে।
অৰ্চিলা ৰামক অতি পুষ্প বৰিষণে॥
দেখিয়া জানকী বল বিক্ৰম ৰামৰ।
ভৈলত তৃপিতি ৰোমাঞ্চিত কলেৱৰ॥
বিশ্বামিত্ৰ বশিষ্ঠ প্ৰমুখ্যে ****
পূজিলন্ত ৰাঘৱক প্ৰশংসা বচনে॥
পৰম পুৰুষ ৰাম জগত আধাৰ।
ৰামৰূপে পৃথিবীত ভৈলা অৱতাৰ॥
পৰশুৰামৰ দৰ্প কৰিলাহা চুৰ।
কাহাৰ শকতি কৰ্ম্ম কৰয় এদূৰ॥
এহি মতে ৰামক প্ৰসংসে সৰ্ব্বজনে।
অনন্তৰে দশৰথ ৰাজা ৰঙ্গ মনে॥
অযোধ্যাক প্ৰতি চলি গৈলা মহাশয়।
কৰয় কটকে বেঢ়ি ৰাম জয় জয়॥
নানা বাদ্যে সুমঙ্গলে চলে সমদলে।
অযোধ্যাত প্ৰবেশ ভৈলন্ত কৌতুহলে॥
পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৩৬
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৩৪
ৰামায়ণ।
