পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বাটত পৰশুৰামৰ সৈতে ৰামাৰ সাক্ষাত জাক পৰশুৰামৰ পৰাজয়। ১৩৩ শ্ৰীৰামৰ কীৰ্ত্তি প্ৰকাশয় সংসাৰত। অদ্যাপিও ৰামশৰ দেখিয়ো স্বৰ্গত । পৰশুৰামক ৰামে কৰিলা আশ্বাস । মোৰ বাণ লেখি ঋষি ভৈলা মহাত্ৰাস ॥ ক্ষত্ৰি জাতি আমাৰ দারুণ বৰ হিয়। পাাৈঁ। অঙ্গীকাৰ ব্ৰহ্মণক দুখ দিয়া । মৰষিবা সকলে আমাৰ ইতো দোষ । কৰে। হাতবোৰ নকৰিবা অসন্তোষ । শ্ৰীৰামৰ ভকতি দেখিয়া আতিশয় । হৎ ভয় গুচি ভৈল প্ৰসন্ন হৃদয় । বুলিলা পৰশুৰামে বচন মধুৰ । স্বভাৱতে ক্ষত্ৰিয়ৰ হৃদয় নিষ্ঠৰ ॥ হেন মহা ক্ষত্ৰি তুমি পুৰুষ উত্তম । দেখিল্লে। সাক্ষাতে আজি তোমাৰ বিক্ৰম । তথাপি কৰাইলা তুমি আমাক প্ৰসন্ন । ধন্থ ধন্ত ৰাম ৰঘুকুলৰ নন্দন ॥ শক্ৰ হুয়া প্রস : কৰাইলা বুলি নতি। তুমিও সশ্ৰষ্ট হৈবা আমাৰ ভকতি । শুনিয়োক ৰাম বোলো স্বরূপ বচন । অনাদি ঈশ্বৰ তুমি সত্য সনাতন। তুমি নিত্য নিৰঞ্জন পুৰুষ পুৰাণ। জগতৰ পতি তুমি বিনে নাহি আন । তোমাত ভকতি মোৰ সততে থাকোক । যাওঁ তপোবনে মোক বিদায় দিওক ৷ এহিমতে দুয়োজন অগত ঈশ্বৰে। কৰিলন্ত লীলা না জানিলা একো নৰে । টুইহাশূৰ সম্বাদ বিবাদ যত যত । চাহি আছে লোক সবে বিস্ময় মনত ।