পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৩২
ৰামায়ণ।

ৰাখিলোঁ তোমাৰ প্ৰাণ নকৰিবা ভয়।
কিন্তু মোৰ বাণ জানা অমোঘ নিশ্চয়॥
কদাচিতো বৃথা বাণ নুহিকে আমাৰ।
কহিয়োক তোমাৰ ছেদিবোঁ কোন দ্বাৰ॥
শুনিয়া ৰামৰ দয়াবুকুত বচন।
বোলন্ত বিনয় জমদগ্নিৰ নন্দন॥
নিচিনিলোঁ তোমাক বুদ্ধিত মন্দ আমি।
তুমিসে ঈশ্বৰ জগতৰ অন্তৰ্য্যামী॥
ভৈলা অৱতাৰ তুমি আসি মনুষ্যত।
তোমাৰ অধীন ইতো সকলে জগত॥
তুমিসে ঈশ্বৰ নিষ্ঠে জানিলোঁ সাক্ষাত।
আমাৰ বিক্ৰম যাই লাগিল তোমাত॥
জগতৰ আত্মা তুমি পুরুষ পুৰাণ।
হাৰিলোঁহো তোমাত দিয়োক প্ৰাণদান॥
কৰিলাহা মোক যেন দয়া দামোদৰ।
শুনিয়োক মোৰ তেবে স্বৰূপ উত্তৰ॥
নাহিকে স্বৰ্গত কিছু মোৰ প্ৰয়োজন।
শৰে হানি প্ৰভু স্বৰ্গ পথ কৰা ছন॥
তনু অংশে আমি হুয়া আছোঁ অৱতাৰ।
আমাতে আছিল তযু পৃথিবীৰ ভাৰ॥
আপুনি বেকত আসি ভৈলাহা সাম্প্ৰত।
গুচাইলাহা আপুনি আমাৰ ভাৰ যত।
সজ্জনক পালি সংহৰিবা দুষ্ট যত।
তীৰ্থ কৰি ফুৰোঁ মই তযু প্ৰসাদত॥
নযাইবোঁ স্বৰ্গক নিষ্ঠে বুলিলোঁ বচন।
কৰিয়োক মোৰ স্বৰ্গ পথ নিবাৰণ॥
শুনি ৰামচন্দ্ৰে পূৰ্ব্ব দিশে মুখ দিলা।
পৰশুৰামৰ স্বৰ্গ পথক ছেদিলা॥