পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৩১
বাটত পৰশুৰামৰ সৈতে ৰামৰ সাক্ষাত আৰু পৰশুৰামৰ পৰাভৱ।

নসহিল ধনু ছৱালৰো টানিবাক।
বীৰ বোলাই তুমি কেনে লৈয়া ফুৰাঁ আক॥
আমাকো কৰিলা লঘু আপুনিও ভৈলা।
দেখিয়া পৰশুৰাম স্তব্ধ হুয়া ৰৈলা॥
অনন্তৰে ৰামচন্দ্ৰ পুরুষ নিপুণ।
নিজ ধনুখান গৈয়া লগাইলন্ত গুণ॥
বাণ যুৰি মাতিলন্ত পৰশুৰামক।
হেৰা দেখা কৰোঁ ছাই তোমাৰ গৰ্ব্বক॥
ৰাখিবাহা প্ৰাণ যেবে মাগাঁ পৰাজয়।
ভৈলন্ত পৰশুৰাম দেখি মহা ভয়॥
বল দৰ্প গুচি মুখে হৰিল বচন।
হুইল বিবৰ্ণ আতি মলিন বদন॥
পৰশুৰামৰ ভাগি গৈলা কাঁপ জাপ।
বৈদ্য দেখি যেন মুণ্ড চপৰাইল সাপ॥
শ্ৰীৰামৰ আগত ভাগিল সবে ভাষ।
সূৰ্য্য আগে নাহি যেন চন্দ্ৰৰ প্ৰকাশ॥
অস্ত কালে যেন নজলয় দিনকৰ।
গৰুড়ৰ আগে দৰ্প হৰয় সৰ্পৰ॥
জমদগ্নি সুত ৰাম ভৈলা সেহি নয়।
লোক বিদ্যমানে লঘু ভৈলা অতিশয়॥
যম হেন সাক্ষাতে দেখন্ত ৰাঘৱক।
মাৰিবন্ত শৰ বুলি লাগিল চমক॥
দেখি ৰামচন্দ্ৰ অতি ভৈলা দায়াযুত।
হাসিয়া বোলন্ত শুনা জমদগ্নি সুত॥
আসিলাহা ধায়া তুমি আমাক মাৰিত।
জানিলোঁহো তোমাৰ কঠিন বৰ চিত্ত॥
ঋষি হুয়া ভৈলা তুমি এনুৱা নিৰ্দ্দয়।
তোমাক মাৰিবে মন আমাৰ নলয়॥