সমললৈ যাওক

পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭
বাটত পৰশুৰামৰ সৈতে ৰামৰ সাক্ষাত আৰু পৰশুৰামৰ পৰাভৱ।

শুনি দশৰথ ৰাজা গুণত মনত।
ভৈলোঁ বৃদ্ধ আমাৰ শৰীৰ আশকত॥
দেখিয়া ছৱাল নিজ পুত্ৰ চাৰি খানি।
বিপৰীত চিন্তা লভিলন্ত মহামানী॥
ৰামে সমে আমি যদি আছে হুই বীৰ।
তেবে কি কৰিবোঁ আঙ্ক দুৰ্জ্জয় শৰীৰ॥
বিপাকে ঠেকাইলা আনি বিধাতা আমাক।
বিবাদে নপৰি আঙ্ক বোলো প্ৰিয় বাক॥
এহি বুলি পৰশুৰামক নৰনাথে।
পাদ্যে অৰ্ঘে পূজি চৰণত ধৰি হাতে॥
তুতি নতি প্ৰণতি বোলন্ত দশৰথ।
তথাপিতো দয়া তাৰ নোপজে মনত॥
হাতে ঘোৰ ধনু ধৰি চক্ষু পকাই চান্ত।
বাঘে যেন গৰ্জিয়া ৰামক ধায়া যান্ত॥
দেখি ৰামচন্দ্ৰে মুখে অল্পহাস্য কৰি।
পৰশুৰামৰ আগ ভৈলা ধনু ধৰি॥
জমদগ্নি ৰামে শ্ৰীৰামক দেখিলন্ত।
কৰিয়া তৰ্জ্জন পাচে বাক্য বুলিলন্ত॥
নাজানাহা ৰণ কিছু ছৱাল ৰাজাৰ।
জানো তুমি কথা নতু শুনাহা আমাৰ॥
পৰশুৰাম নাম মোৰ বিদিত সংসাৰ।
নিক্ষত্ৰি কৰিলোঁ মহী তিনি সাতবাৰ॥
ক্ষত্ৰিয়ৰ নিমিত্তে সাক্ষাত মই যম।
সম্প্ৰতি আছোহো মই পৰিয়া নিজম॥
ডাকিয়া আনিলা মোক দেখায়া দৰ্পক।
দাণ্ডি দিয়া জগাইলাহা কাহাল গোমক॥
কুপিত সিংহৰ আগে পেলাইলাহা গাৱ।
আনিলা যমক যেন দিয়া হাত ৰাৱ॥