পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ৰামায়ণ । মই অত কৰ কোপ তুলিলা কিসক । শিশু হয়। কৰ কেনে ছর্ঘোৰ কৰ্ম্মক । ধন্থ 'ভাঙ্গি যশ বৰ লভিলা ডাঙ্গৰ । উপাৰিয়া শৃঙ্গ যেন মেৰু পৰ্বতৰ । কাৰ’বৰ পায়া তুমি কৰা হেন কৰ্ম্ম । আমাৰ গুকব ধনু ভাঙ্গি দিলা মৰ্ম্ম । জানিলে। কৰিলা গুৰু দেৱত ভকতি । নুহি কেন মতে হৈব ই দূৰ শকতি । ত্ৰিভুবনে পৰম উজ্জ্বল ৰাম নাম । নাহি সংসাৰত ইতো নাম ক উপাম ॥ সেহি ৰাম নাম ধৰি অ।মাৰ প্ৰকাশ। হেন নাম লৈা লা তুমি কৰি অভিলাষ ॥ বোলা ৰাম নাম লৈলে মোৰ হৈবে খ্যাতি । আমাক বিদ্বেষ তুমি কৰিলাহা আতি । বৰ তেজৰ ত বীৰ ভৈলাহা অধিক । কৰিবাহা লুপ্ত তুমি আমাৰ কীৰ্ত্তিক ॥ ত্রি জগত লোকে জানে মোৰ বিক্ৰমক। ক্ষত্ৰিয় ৰ নামে মই সাক্ষাতে অস্তক। ন।পাবে। জিনিবে যেবে তোমাক ৰণত । নিস্ফল জীৱন মোৰ ইতো সংসাৰ ত ॥ জন কৰ ঘৰে ভাঙ্গি পচা ধনুখান । তাতে বোলা নাহি মোত মুনিহ সমান ॥ মই চূৰ কৰিবো তোমাৰ গৰ্ব্ব যত। পৰিল। চেঙেলি আজি বুঢ়াৰ হাতত ॥ ৰহি আছা বৃক্ষ যেন নদীৰ তীৰত । অলপতে পৰে শিফ। নাহিকে তলত ॥ হোৱ। যদি বাম তুমি বীৰ অদভুত । লগায়োক গুণ দেহেঁ। আমাৰ ধস্থত ৷