পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
ৰামায়ণ।

সয়ম্বৰ সম   জ্যাত যত যত
 আছে নৰ নাৰীচয়।
ৰামৰ অদ্ভুত   ৰূপক দেখিয়া
 ভৈ গৈলা মহা বিস্ময়॥
যাৰ যেহি অঙ্গে,   ৰামৰ ৰূপত,
 পৰি গৈল দৃষ্টিপাত।
পুনৰপি আৰ   পালটি নাসয়,
 ৰহিল তম্ভি তথাত॥
ৰামক দেখিতে   নখণ্ডে তৃপিতি,
 লাগি গৈল যেন ধ্যান।
অমৃতক যেন   পিৱন্তে পিৱন্তে
 জুৰায় তনু মন প্ৰাণ॥
জনকননন্দিনী   দেখিলা ৰামক
 ৰূপ আতি বিপৰীত।
ৰামৰ ৰূপত   নিমজিল মন,
 ভৈ গৈল দেবী মোহিত॥
মনত বোলন্ত   কোন নো বিধিয়ে
 স্ৰজিলা ৰূপ ৰামৰ।
কোটি এক কাম   দেৱো জানো আৰ
 নুহিবেক সমসৰ॥
এহেন্তেসে মোৰ   হৈবে নিজপতি,
  কৰিলোঁ মনে নিশ্চয়।
ইহান আগত,   দেখোঁ যেন মৰা,
 আছে যত ৰাজাচয়॥
ৰামত বিনাই   আন পুৰুষক
 নবৰিবোঁ কদাচিত।
কিবা কাজে মোৰ   পিতৃ কৰিলন্ত
 অঙ্গীকাৰ বিপৰীত॥