এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
ৰাম কৰ্ত্তৃক হৰধনুৰ্ভঙ্গ।
শুনি শতানন্দ ভৈলন্ত হৰিষ,
পাইলন্ত মাতৃ নিস্তাৰ।
ৰামক প্ৰশংসি, ঋষিক বোলন্ত,
প্ৰসাদ ইতো তোমাৰ॥
নোহন্ত মানুষ, পৰম পুৰুষ,
জানলোঁ ৰাম নিশ্চয়।
জগত নিস্তাৰ হেতু অৱতাৰ
ভৈলা এন্তে মহাশয়॥
যিতো পদধূলি সদা আৰাধন্ত
ব্ৰহ্মা আদি দেৱগণে।
যাক আশা কৰি সৰ্ব্ব পুৰুষাৰ্থ।
এৰে মহা মহাজনে॥
হেনয় পৰম দুৰ্লভ ধূলিক
পাইলা মাতৃ মোৰ লাগ।
জান লোক তৰা, কোটি জনমৰ,
আছে তান মহাভাগ॥
আমিয়ো চক্ষুৰে দেখিলো ৰামক,
ত বা পুণ্যৰ ফলে।
এহি বুলি শত নন্দে ৰাঘৱক,
অৰ্চ্চিলন্ত কৌতুহলে॥
যত যত মহা মহাৰাজগণ
আছৱ বসি সভাত।
ৰামক দেখিয়া সমস্বে ৰাজাৰ
মুখত হৰিল মাত॥
ৰাঘৱৰ মহা তেজে বৰষিল,
ভৈল আতি শঙ্কুচিত।
প্ৰমত্ত সিংহ দেখি মৃগগণ
হোৱে যেন ভয়ে ভীত॥