পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
ৰাম কৰ্ত্তৃক হৰধনুৰ্ভঙ্গ।

তথাপি আনক  নভজিবোঁ যদি
 ধনুত গুণ লগাৱে।
পিতৃৰ বচন   ছন্ন কৰি মই
 ভজিবোঁ ৰামৰ পাৱে॥
ৰামৰ নখৰ   সমান নাহিকে
 ইতিনি লোকৰ মাজে।
ইহাঙ্ক এৰিয়া   আন পুৰুষক
 ভজিবো কমন কাজে॥
মোহোৰ কৰ্ম্মৰ   ফলে জানো আনি
 ৰামক মিলাইলা বিধি।
অকস্মাৎ যেন   দৰিদ্ৰৰ হাতে
 উপগত নৱনিধি॥
ৰামক এৰিয়া   কোন অভাগিনী
 আনক ভজিবে যায়।
হাতৰ অমৃত   এৰি কোন জনী
 মৰিবেক বিষ খাই॥
এহি মতে সীতা   দেবী কৰিলন্ত
 ৰামৰ চৰণ সাৰ।
তেজি আন কাম   বোলা ৰাম ৰাম
 যত লোক সমজ্যাৰ॥

পদ।


ৰাম লক্ষ্মণক দেকি জনক নৃপতি।
বিশ্বামিত্ৰ মুনিত পুছিলা মহামতি॥
কিবা নাম আন দুইৰ কাহাৰ তনয়।
মহাৰূপৱন্ত আতিশয় শুভনয়॥
আপোনাৰ কহিয়ো কুশল আগমন।
আজ্ঞা কৰিয়োক কিবা সাধো প্ৰয়োজন॥