নপাৱে উশাস তেজ বহে নাকে মুখে।
নমৰিল কথমপি জীল বৰ দুখে।
বাণ বিষে ক্ষণে ক্ষণে হোৱে শ্ৰুতিহত।
ৰামময় মাত্ৰ দেখে সকলে জগত॥
ৰামে পাইলে বুলি ভয় হোৱে স্বপনত।
ৰাঘৱৰ শৰে লৈয়া ফুৰে আকাশত॥
স্বপনে মচিতে সিতো ৰাম বিনে আন।
নেদেখয় ৰামত লাগিল যেন প্ৰাণ॥
নাযায় নুপুছাই তাৰ ৰামৰ ভয়ত।
এৰিলে মাৰীচে বিষয়ৰ ভোগ যত॥
সেইি ধৰি বিদায় লইয়া ব্ৰাহ্মণত।
তপ হেতু চলি গৈয়া ৰহিল বনত।
ৰাম লক্ষ্মণৰ দেখি বিক্ৰম সাক্ষাত।
পুষ্প বৰিষিলা দেবে দুইৰো মাথাত॥
অদ্ভুত মহিমা দেখি ৰাম লক্ষ্মণৰ।
ভৈলন্ত বিস্ময় মুনিগণ নিৰন্তৰ॥
দুই ভাইক প্ৰশংসা কৰিলা বহুতৰ।
ধন্য ৰাম লক্ষ্মণ সাৰ্থক ৰঘুবৰ॥
ঈষত কটাক্ষে দুয়ো কৰি মহালীলা।
চৌধ কোটি ৰাক্ষস ক্ষণেকে সংহৰিলা॥
কৰ্ম্ম দেৰি জানিলোঁহো নুহিকে মানুষ।
ভৈলা অৱতাৰ হৰি পৰম পুৰুষ॥
ৰাক্ষস মাৰিয়া ভাৰ কৰিলা নিৰ্যাণ।
সাধিলাহা জগতৰ পৰম কল্যাণ॥
যাৰ নামে যান হোৱে ধৰ্ম্ম কৰ্ম্ম যত।
হেন তুমি ভৈলা আসি সহায় যজ্ঞত॥
জানিলোঁহো আমাৰ ভাগ্যৰ নাহি সীমা।
এহি মতে দুহাগুণো বখানি মহিমা॥
পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১১২
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১১০
ৰামায়ণ।
