মুনিগণ সঙ্গে বিশ্বামিত্ৰ মহাঋষি।
পূৰ্ণা দিয়া যজ্ঞ সাজ কৰিলা হৰিষি॥
অগ্নি বিসৰ্জ্জিয়া পাছে দক্ষিণা কৰিলা।
ৰাম লক্ষ্মণক সবে আশীৰ্ব্বাদ দিলা॥
বিশ্বামিত্ৰ মুনিৰ হৰিষ আতি মন।
পৰমান্ন ভোজন কৰাইলা মুনিগণ॥
দানে মানে সমন্তৰে মন সন্তোষিলা।
সুবৰ্ণৰ ৰজত বস্ত্ৰ গায়ে গায়ে দিলা।
ভৈলন্ত সন্তুষ্ট মুনিগণ নিৰন্তৰ।
মনৰঙ্গে চলি গৈলা আপোনাৰ ঘৰ॥
ৰামৰ প্ৰসাদে বিশ্বমিত্ৰ মুনিবৰ।
যজ্ঞ কাজ কৰি ভৈলা হৰিষ বিস্তৰ॥
হাতে লুণ্ডিঘুণ্ডি অতি দুই হাতৰ গাৱে।
আশীৰ্বাদ কৰি বুলিলন্ত বহু ভাৱে॥
তুমি নাৰায়ণ দেৱ অনাদি অনন্ত।
তুমিসে যজ্ঞৰ ফলদাতা ভগৱন্ত।
তুমিশে আপুনি ধৰ্ম্ম কৰ্ম্ম যজ্ঞ যত।
জানি সমৰ্পিলোঁ যজ্ঞ তযু চৰণত॥
তুমিসে কেবল সত্য বোলো পৰমাৰ্থ।
তোমাৰ প্ৰসাদে ৰাম ভৈলোঁহো কৃতাৰ্থ॥
তোমাত বিনাই আন সবে ব্যৱহাৰ।
ধৰ্ম্ম প্ৰৱৰ্ত্তাইবে প্ৰতি ভৈলা অৱতাৰ॥
আপুনি আচৰা ধৰ্ম্ম মনুষ্যৰ নয়।
তোমাক ঈশ্বৰ বুলি কেহো নাজানয়।
যোগবলে জন্ম হুয়া আছা মহাশয়।
ব্যৱহাৰ পালিবাৰু আমাক লাগয়॥
যজ্ঞ ৰক্ষা কৰি হিত কৰিলা আমাক।
উচিত প্ৰসাদ আবে কি দিবোঁ তোমাক॥
পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১১৩
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১১১
মাৰিচ সুবাহু বধ।
