বজ্ৰতো অধিক আতি ৰামৰ সন্ধান।
একছোটে ৰাক্ষস চলয় যমস্থান॥
লক্ষণে ধৰিয়া ধনুষৰ প্ৰহাৰত।
যম যেন খেদি খেদি ৰাক্ষস মাৰন্ত॥
শাণত শণাইলে শৰ যেন খুৰধাৰ।
কৰন্ত লক্ষণে ৰাক্ষসক বুন্দামাৰ॥
নিদাৰুণ ছোটে মৰি গৈল যমঘৰ।
লক্ষ্মণে মাৰি আঠ কোটি নিশাচৰ॥
ৰামৰ শৰত মৰি গৈল ছয় কোটি।
দুই ভাই ৰাক্ষসক কৰিলা নিগুটি।
হেন দেখি সুবাহু ৰাক্ষস ভয়ঙ্কৰ।
লক্ষ্মণক খেদি গৈল যম সমসৰ॥
দেখি ভল্লশৰ যুৰি লক্ষ্মণে গুণত।
সন্ধানে হানিলা সুবাহৰ হৃদয়ত॥
মহা ছোটে ফুটিয়া মৰিল দুৰাচাৰ।
পৰিল ভূমিত সিতো পৰ্ব্বত আকাৰ॥
দেখি মাৰীচৰ অতি ক্ৰোধ বৰ ভৈল।
ভয়ঙ্কৰ আটাসে ৰামক খেদি গৈল॥
হাসি ৰামে পঞ্চ শৰে ভেদি হৃদয়ক।
বায়ুবাণ হানি উৰুৱাই মাৰীচক॥
উৰ্দ্ধমুখ কৰি চাহি আছে মুনিগণে।
শুকান তৃণক যেন লৈ যান্ত পৱনে॥
ৰাম শৰে ৰাক্ষসক লৈ যান্ত আকাশে।
দেখিয়া ত্ৰিদশ দেৱে ধলখলি হাসে॥
মহাবেগে গৈয়া সিতো ছৰায়া সাগৰ।
হেট মাথে লঙ্কাত পৰিল নিশাচৰ॥
ভাঙ্গি গৈল তাৰ মুৰ ভৈল চিৰাচিৰ।
বৈল অচেতন বহে ৰোম্বালে ৰুধিৰ॥
পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১১১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
মাৰিচ সুবাহু বধ।