পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জীৱন-যুদ্ধ।

কৰা আৰু পঢ়াও আৱশ্যক। যি অশলাগী, যি গুণৰ আদৰ নুবুজে, সি বৰ অধম।

 পিতৃ-মাতৃৰ বেয়া পুত্ৰলৈকে। মৰম লাগে; গুণী হলে মৰম-বেথাৰ সীমাই নাই। আনন্দৰাম অসামৰ বৰ মৰম বেথাৰ পুত্ৰ। তেওঁ আমাৰ আপোন। তেওঁক আমি মৰমতে এৰিব নোৱাৰে। অসমীয়াৰ ভিতৰত আজিলৈকে সেই এজনা মাথোন ডাঙ্গৰ মানুহ হৈছিল, তেওঁকো আমি অকালতে হেৰুৱালোঁ। তেওঁৰ নামটিও অকালতে নুমাব নে কি? তেওঁক আমি পাহৰিব লাগে নে কি? তেওঁৰ মহৎ জীৱনৰ দৃষ্টান্তই অসমীয়াৰ ভিতৰত আৰু আনন্দৰাম স্ৰজিব নোৱাৰে নে কি?

⸻⸻
জীৱন-যুদ্ধ।

 অলপ দকৈ গমি চালে ফটফটীয়াকৈ দেখিবলৈ পোৱা যায় যে, এই সৃষ্টি-খনৰ মূলতে যুদ্ধ। ঈশ্বৰৰ সৃষ্টিৰ প্ৰণালীয়েই হৈছে সংগ্ৰাম! বালি-চাহীৰপৰা গজ-হস্তীলৈকে যতবিলাক প্ৰাণী আছে, সকলোবিলাকে প্ৰতিদিনে প্ৰতি মুহুৰ্তে দোৰ্ঘোৰ সংগ্ৰাম কৰি শত্ৰুক বিনাশি নিজক ৰক্ষা কৰিব লাগিছে। যি যুজত হাৰিছে সিয়েই ধ্বংশ হৈ যাব লাগিছে, আৰু যি জয়ী হৈছে সিয়েই টিকি আহিবলৈ ধৰিছে। সৃষ্টিৰ গুৰিতে কটাকটি মৰামৰি। এটা প্ৰাণী জীয়া মানে আন এটা মৰা। যি আহাৰ আমাৰ প্ৰাণৰক্ষাৰ প্ৰধান উপায়, সেই আহাৰেই হৈছে এটা প্ৰাণীৰ বিনাশ আৰু এটা প্ৰাণীৰ শৰীৰৰক্ষা। মাছ মোৰ আহাৰ মানেই মাছৰ মৰণ মোৰ জীৱন। পোক পৰুৱা মাছৰ আহাৰ মানেই পোক পৰুৱাৰ বিনাশ আৰু মাছৰ বিকাশ। ডাঙ্গৰ বলী পোকৰ সৰু নিৰ্ব্বলী পোক আহাৰ বুলিলেই বুজিব লাগে বলী পোকটো জীবলৈ নিৰ্ব্বলী পোক এটাই প্ৰাণ দিব লাগিব। *******