জীৱন-যুজত জয়ী হৈ থকা কালটোৱেই আমাৰ জীৱনৰ কাল। যেতিয়া এই যুজত হৰা যায়, তেতিয়াই আমাৰ মৰণ। এই তুমুল যুদ্ধ আমাৰ শৰীৰৰ ভিতৰতে দুদল পৰাক্ৰমী যুজাৰুৰ ভিতৰত দিনে ৰাতিয়ে অবিশ্ৰাম হব লাগিছে। তাহানি কুৰুক্ষেত্ৰৰ মহাযুদ্ধ সঞ্জয়ে দিব্যচক্ষুৰ সাহায্যেৰে দেখি কণা ধৃতৰাষ্ট্ৰ ৰজাৰ আগত দাড়ৰ বাতৰি দাঁড়ে কৈ আছিল; আজি কালিও সহস্ৰ সহস্ৰ কুৰুক্ষেত্ৰ যুজতকৈ ডাঙ্গৰ, আমাৰ শৰীৰৰ ভিতৰৰ মহা মহা সংগ্ৰাম দিব্যচক্ষুৰ সাহায্যেৰে বৈজ্ঞানিক পণ্ডিত-সঞ্জয়সকলে দেখি দাঁড়ৰ বাতৰি দাঁড়ে আমি কণা ধৃতৰাষ্ট্ৰবিলাকক পৰিপাটিকৈ কব লাগিছে। দূৰবীণ আৰু অণুবীণকে (দূৰবীক্ষণ আৰু অণুবীক্ষণ) আমি কলিকালৰ দিব্যচক্ষু বুলিছোঁ। চৰ্মচক্ষুৰে দেখিবলৈ নোপোৱা পদাৰ্থবিলাক এই দিব্যচক্ষুৱে দেখুৱাই দিয়ে। লক্ষ লক্ষ যোজনৰ অন্তৰত থকা গ্ৰহ উপগ্ৰহ আৰু সেইবোৰৰ আকৃতি প্ৰকৃতি আদি ঈশ্বৰে-দিয়া এই যোৰ চকুৰে তুমি নেদেখা, এই দুটা চকু থাকিও ইমান দূৰৰ এইবিলাক বস্তুৰ সম্পৰ্কে তুমি কণা ধৃতৰাষ্ট্ৰ; কিন্তু কলিৰ ইউৰোপীয় ঋষিসকলে জ্ঞানতপস্যাত পোৱা দিব্যচক্ষু দূৰবীণ লোঁৱা, দেখিবা সেইবিলাক পদাৰ্থ ফট্ফট্ কৰে তোমাৰ চকুত পৰিছে। ৰামায়ণত কুম্ভকৰ্ণই পালে পালে জাকে জাকে হাতী, গৰু, মহ, গাহৰি, ছাগলী, ভালুক, বান্দৰ জীয়াই জীয়াই গিলা, আকৌ সেই বিলাক জীয়াই জীয়াই নাকৰ বিন্ধাই কাণৰ বিন্ধাই জাকে জাকে ওলাই অহা শুনি আমি হাঁহি সামৰিব নোৱাৰে, কিন্তু কলে কোনোবাই হঠাৎ পতিয়াবনে যে আমি সকলোৱেই সঁচাচিকৈয়েই কুম্ভকৰ্ণৰ আজো ককাক। কলে আচৰিত হবা, কুম্ভকৰ্ণৰ নাকে কাণে মুখে সেই জন্তবোৰ সোমাওঁতে কুম্ভকৰ্ণই যি হওক গম পাইছিল আৰু নাকৰ কাণৰ বিন্ধাত সুৰ সুৰসাৰসাৰ, কৰিছিল, কিন্তু আমি আজোককাকহঁতে প্ৰতি মুহূৰ্ততে লাখে লাখে অৰ্বুদে অৰ্বুদে সেইবিলাকতকৈও ভয়ানক জন্তু গিলিব লাগিছো, আৰু সেইবোৰ আমাৰ নাকৰ কাণৰ বিন্ধাই দি জাকে জাকে ওলাব লাগিছে সোমাব লাগিছে, তেও আমাৰ গমেই নাই। আমি কুম্ভকৰ্ণৰ আজো-ককাক নহওঁ কি? তুমি খাবলৈ লোৱা (নেছেকা পানীৰ কথা নকওঁয়েই) ছেকা পানী বাটিৰপৰা, সৰহ নেলাগে, এটোপা পানী আনি অণুবীণেৰে চোঁৱাচোন