পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১০৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০৪
ৰামায়ণ।

ৰাক্ষসী মাৰিলে কিছু দোষ নোপজয়॥
বিস্তৰক অপকাৰ যিজনে কৰয়।
নাহি দোষ আক মাৰি পুণ্যসে লভয়॥
মাৰীচ সুবাহ দুই পুত্ৰ তাড়কাৰ।
মাৰি মাৰি খাইল গৰু ব্ৰাহ্মণ অপাৰ॥
তাড়কা খাইলেক গৰু মানুষ বিস্তৰ।
তাক মাৰি পাইবা ৰাম পূণ্য বহুতৰ॥
শুনিয়া টঙ্কাৰ কৰিলেক ৰঘুবৰে।
তাড়কাক মাৰো আজি একপাট শৰে॥
মানুষৰ শবদ শুনিয়া নিশাচৰী।
ক্ৰোধে খেদি আসে দিশ অন্ধকাৰ কৰি॥
কৰ্ণে লৰবৰ কৰে মু্ণ্ড মানুষৰ।
বদন প্ৰকটি আসে যম সমসৰ॥
কৰে মৰমৰ গায়ে ছাল মানুষৰ।
পৰ্ব্বত সমান ঘোৰ রূপ ভয়ঙ্কৰ॥
শাল বৃক্ষ সদৃশ মেলিয়া দুই বাহু।
সূৰ্য্যক ঢাকিবে যেন খেদি যায় ৰাহু॥
ৰামক দেখিয়া ভীম তেজিলা আটাস।
ত্ৰৈলোক্যৰ লোকৰ লাগিল মহাত্ৰাস ॥
সকল ব্ৰহ্মাণ্ড জুৰি প্ৰতিধ্বনি গৈল।
বজ্ৰ পৰে বুলি সৰ্ব্বজন ভয় ভৈল॥
পাতাল সদৃশ কৰি বেস্তগোট বায়া।
সবাকে খাইবাক যায় পৃথিবী কম্পায়া॥
ৰাক্ষসীক দেখি ঋষি মহাভয় ভৈলা।
ৰামৰ পিচত গৈয়া আঁৰ হুয়া ৰৈলা॥
ঋষিক আশ্বাসি ৰামে যুৰিলন্ত বাণ।
তাড়কাৰ হৃদয়ত কৰিল সন্ধান॥
সৰকিয়া বাণ হৃদয়ত গৈল পশি।