পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১০৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০৩
তাড়কা ৰাক্ষসী বধ।

তাড়কাৰ বল গৈয়া পাইলা ৰঙ্গ মনে॥
ৰামচন্দ্ৰে পুছিলা ঋষিৰ চাপি পাশ।
কহিয়োক মুনি ইতো কাহাৰ নিবাস॥
মুনিয়ে বোলন্ত ৰাম শুনা মহাৰথী।
এহিতো বনত থাকে তাড়কা ৰাক্ষসী॥
বিকট দশন তাইৰ রূপ ভয়ঙ্কৰ।
ব্ৰাহ্মণ তপস্বী মাৰি খাইলেক বিস্তৰ॥
বহু লোক খাইলে কোনে লেখ কৰে তাক।
ত্ৰৈলোক্যৰ লোক পাইলে পাৰে খাইবাক॥
চোবায়া গিলয় মাথা বৃদ্ধ মানুষৰ।
ছৱালৰ মুণ্ডে তাই কুণ্ডল কৰ্ণৰ॥
মনুষ্যৰ তেজে তাই বদন পখালে।
গাৱৰ কাপৰ তাইৰ মনুষ্যৰ ছালে॥
তাইৰ ডৰে নৰে আউৰ ই পথে নেযায়।
আমি কোন পথে যাইবোঁ কহিয়ো উপায়॥
প্ৰহৰেক লাগে যেবে যাই এহি পথে।
তৃতীয় প্ৰহৰ লাগে দক্ষিণৰ পথে॥
জগৰা এৰায়া যাওঁ মোৰ হেন মন।
শুনি ৰামচন্দ্ৰে হাঁসি বুলিলা বচন।
কিসক ইবোল বোঁলা তুমি মুনিৰাজে।
চমু এৰি দূৰ পথে যাইবোঁ কোন কাজে॥
লক্ষ্মণক চাহি পাছে বুলিলন্ত ৰাম।
স্ত্ৰী বধ হৈবে পাপ কৰো কোন কাম॥
লক্ষ্মণে বোলন্ত কেনে বোলা হেন মত।
পিতৃয়ে পঠাই আছে ঋষিৰ লগত॥
মুনি যিবা বোলে কৰিবাহা সেহি কৰ্ম্ম।
গুৰুৰ বচনে কিছু নাহিকে অধৰ্ম্ম॥
মুনি বুলিলন্ত ৰাম নকৰিবা ভয়।