পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১০৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০৫
তাড়কা ৰাক্ষসী বধ।

দোৰ্ঘোৰ আটাস দিয়া পৰিল ৰাক্ষসী॥
বজ্ৰ প্ৰহাৰ যেন হিয়াত পৰিল।
তাড়কা ত্যজিল প্ৰাণ পৃথিবী লৰিল॥
আকাশত আনন্দ মিলিল দেৱতাৰ।
জয় জয় ৰাম বুলি কৰয় জোকাৰ॥
ৰামৰ শিৰত বৰষিল পাৰিজাত।
দুন্দুভি শৱদে নাচে তুলি দুই হাত॥
দারুণী ৰাক্ষসী মৰি গৈল যমঘৰ।
ৰামৰ প্ৰসাদে দুখ খণ্ডিল লোকৰ॥
ৰাক্ষস বধিবে প্ৰতি ভৈলা অৱতাৰ।
প্ৰথমত ৰামে প্ৰাণ লৈল তাড়কাৰ॥
দেখি বিশ্বামিত্ৰৰ হৰিষ ভৈল মন।
ৰামক বুলিলা মুনি প্ৰশংসাবচন॥
ধন্য ধন্য ৰাম তুমি পুৰুষ প্ৰধান।
একপাট শৰে ৰাক্ষসীৰ লৈলা প্ৰাণ॥
গুচিল দুৰ্গতি ৰাম তোমাৰ প্ৰসাদে।
হুয়ো চিৰঞ্জীৱ ৰাম মোৰ আশীৰ্ব্বাদে॥
তোমাৰ নিৰ্ম্মল যশ বাঢ়োক অশেষ।
অনন্তৰে ভৈলা আদি ৰজনী প্ৰবেশ॥
মহাসুখে সিতো ৰাতি বঞ্চিলা তখাতে।
ৰামক মাতিলা ঋষি উঠিয়া প্ৰভাতে॥
তোমাৰ বিক্ৰমে ৰাম তুষিলা আমাক।
নানা অস্ত্ৰ দিয়া মই তুষিবোঁ তোমাক॥
মন্ত্ৰে সমে ব্ৰহ্মঅস্ত্ৰ লৈয়ো মহাশয়।
দিবোঁহো বৈষ্ণব অস্ত্ৰ ত্ৰৈলোক্য বিজয়॥
ৰুদ্ৰমন্ত্ৰ সমন্বিতে দিবোঁ ৰুদ্ৰ শৰ।
বজ্ৰসায় সমে অস্ত্ৰ দিবোঁ বাসৱৰ॥
শিখাইবোঁ অধিৰ বাণ পৰম বিক্ৰম।

১৪