মোক সঙ্গে নিয়া প্ৰভু জগতৰ পতি।
তোমাৰ চৰণ বিনে মোৰ নাহি গতি।
যথা তথা যাইতে নাথ নেৰিবা আমাক।
দাস হুৱা সেৱা প্ৰভু কৰিবো তোমাক॥
হাসে ৰাজা লক্ষ্মণৰ শুনিয়া বচন।
ৰামৰ সঙ্গত চলি যাইবন্ত লক্ষ্মণ॥
দুই পুত্ৰ দিলা ৰাজা ঋষিৰ লগত।
যাত্ৰা সুমঙ্গল কৰিলন্ত যত যত॥
আপোনাৰ অস্ত্ৰ যত লৈয়া দুয়ো জন।
দুই ভাই বশিষ্ঠক কৰিলা বন্দন॥
পিতৃক মাতৃক কৰিলন্ত নমস্কাৰ।
দশৰথে দুইকো শিক্ষা দিলা বাৰে বাৰ॥
পালিবাক দুই ভাই ঋষিৰ বচন।
থাকিবাহা সদাই ঋষিৰ বুজি মন॥
সৃষিৰ ক্ৰোধত সবে বংশে হৈবো নাশ।
সৰ্বদাই থাকিবা ঋষিৰ পালি আশ॥
এহি বুলি পুত্ৰ দুইকো সাবটি ধৰিল।
শিৰ ঘ্ৰাণি দুইহস্তৰ মুখে চুমা দিল॥
কৌশল্যা সুমিত্ৰ দুয়ো পুত্ৰক ধৰিয়া।
কৰিল চুম্বন চক্ষু সজল কৰিয়া।
অন্তঃপুৰ মাজত আছয় যত প্ৰাণ।
স্নেহে সবে লোকৰ চকুৰ পৰে পানী॥
যাত্ৰা কৰি বাজ ভৈলা শ্ৰীৰাম লক্ষ্মণ।
দুইকো লৈয়া বিশ্বমিত্ৰ কৰিলা গমন॥
আগ ভৈলা ঋষিৰাজ হৰিষ মনত।
মাজত চলিল ৰাম লক্ষ্মণ পিচত॥
উৰ্দ্ধমুখে চাহিয়া থাকিল সৰ্ব্বজন।
ৰামৰ লগতে গৈল সমস্তৰে মন॥
পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১০২
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০০
ৰামায়ণ।
