জঁইয়া পৰিল লোক বিয়োগে ৰামৰ।
শুন যেন ভৈল সিতো অযোধ্যা নগৰ॥
শ্ৰীৰামৰ বিয়োগে আকুল ভৈল চিত।
সূৰ্য্য অস্ত গৈলে যেন কমল মুদিত॥
চলি যান্ত দুয়ো ভাই পিচত শষিৰ।
গজেন্দ্ৰ জিনিয়া দুইৰো গমন গম্ভীৰ॥
যেন শিশু সিংহ লীলাগতি চলি যান্ত।
অমৃত বৰিষে যেন যিদিশক চান্ত॥
সুৰাসুৰে সেৱা কৰে যাৰ চৰণত।
হেন ৰাম চলি যান্ত ঋষিৰ পিছত॥
পৰম কোমল পদ গমন মধুৰ।
আতি সুকুমাৰ তনু লাৱণ্য প্ৰচুৰ॥
ৰত্নে বিৰচিত শোভে পিঠিত টোণৰ।
কাখত খৰগ দুইৰো হাতে ধনুশৰ॥
প্ৰকাশে শৰীৰ ৰত্নময় অলঙ্কাৰ।
দেখন্তা লোকৰ মন হৰন্ত সবাৰ॥
পৰম হৰিষে দুয়ো যান্ত ঋষি সঙ্গে।
আঢ়ৈ প্ৰহৰৰ পথ বহি গৈলা ৰঙ্গে॥
ৰামৰ দেখিয়া মুখ হৰিষ ঋষিৰ।
অনন্তৰে পাইলা গৈয়া সৰযুৰ তীৰ॥
দেখি ৰামচন্দ্ৰৰ হৰিষ ভৈলা মন।
বিশ্বামিত্ৰে বুলিলন্ত ৰামক বচন॥
সৰযু নদীৰ কথা শুনিয়োক ৰাম।
পৰম নিৰ্ম্মল জল তীৰ্থ অনুপাম॥
কৰিয়োক স্নান দুয়ো সৰযুৰ জলে।
বাঢ়িবেক বল শ্ৰম গুচিবে সকলে॥
ত্ৰিভুবন মধ্যে ৰাম পুৰুষ উত্তম।
মহাবলশালী হৈবা বিপুল বিক্ৰম॥
পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১০৩
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
ৰাম লক্ষ্মণক নিদিয়াত ঋষিৰ কোপ আৰু ৰাম লক্ষ্মণক লৈ ঋষিৰ গমন।