পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১০১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৯
লক্ষ্মণক নিদিয়াত ঋষিৰ কোপ আৰু ৰাম লক্ষ্মণক লৈ ঋষিৰ গমন।

পাইলন্ত ভৰসা তান শান্ত ভৈল হিয়া।
জিজ্ঞাসা কৰন্ত ৰাজা ৰামক আনিয়া॥
আসি আছে বিশ্বামিত্ৰ তোমাক নিবাক।
ৰাক্ষসক মাৰি ৰাম যজ্ঞ ৰাখিবাক॥
শুনি ৰামচন্দ্ৰৰ হৰিষ ভৈল মনে।
পিতৃক বোলন্ত ৰামে প্ৰসন্ন বদনে॥
কত ভাগ্যে ইসব কাৰ্য্যক পায় লাগ।
মোক প্ৰতি চিন্তা নকৰিবা মহাভাগ॥
পুত্ৰ হুয়া নাপালয় পিতৃৰ বচন।
চিৰকালে নৰকত পচে সিতো জন॥
প্ৰচণ্ড প্ৰতাপ মুনি গাধিৰ কুমাৰ।
তাহান কাৰ্য্যত চিন্তা কৰাঁ পৰিহাৰ॥
ৰামৰ বচন ৰাজা ভৈলা হৰষিত
মৰাৰ মুখত যেন পৰিল অমৃত॥
ঋষিৰ হাতত ৰাজা পুত্ৰ সমৰ্পিল।
নমস্কাৰ কৰি ৰাজা বচন বুলিল॥
ৰাম মোৰ ধন জন জীৱ মন প্ৰাণ।
ৰামবিনে গতি মোৰ নাহি নাহি আন॥
পাইলোঁহো ৰামক পুত্ৰ কত তপস্যায়।
আবে জ্ঞান গুণ জানিবে তযু ঠাই॥
কিছুৱে নাজানে ৰাম ছৱাল চঞ্চল।
জানিবে অস্ত্ৰৰ সন্ধি তোমাত সকল॥
তোমাৰ সেৱক ৰাম ভৈল আজি ধৰি।
নিজস বুলি পালিবাহা যত্ন কৰি॥
ৰাঘৱক পায়া মুনি ভৈলন্ত সন্তোষ।
পুষ্প বৰষিলা দেৱে কৰি জয়ঘোষ॥
সেহি বেলা যোৰহাতে উঠিল লক্ষ্মণ।
ৰামক বুলিলা কৰি চৰণে বন্দন॥