পৃষ্ঠা:Su swasthyar aadhar.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪. হালধি Curcuma longa (Zingiberaceae) হালধিৰ ৰস তেজ আৰু ছালৰ যিকোনাে ৰােগতে উপযােগী। শৰীৰৰ যিকোনাে বিষ বেদনা নিৰাময়ৰ বাবে হালধিৰ ৰস ২ ৰ পৰা ৪ চামুচ উলিয়াই খালি পেটত খাব লাগে আৰু উক্ত স্থানত লেপ দিব পাৰি। মধুমেহ, জণ্ডিচ, ৰক্তহিনতা, চর্মৰােগ, যকৃতৰ ৰােগত ২ ৰ পৰা ৪ চামুচ হালধিৰ ৰস খাব লাগে। বৈজ্ঞানিক গৱেষণা। অনুসৰি ৰাতিপুৱা নিয়মিত কেঁচা হালধিৰ ৰস ২ৰ পৰা ৪ চামুচ খাব পাৰিলে মাৰাত্মক কৰ্কট ৰােগ প্রতিৰােধ কৰিব পাৰি। সম্পূর্ণ গছডাল ঔষধি গুণযুক্ত। যকৃতৰ বিভিন্ন ৰােগ, কৌষ্ঠকাঠিন্য, চাল-চুলিৰ সৌন্দর্য বৃদ্ধিৰ বাবে পাতৰ ৰস ২ ৰ পৰা ৪ চামুচ উপযােগী। ১৫. মাটিকাদুৰী Alternamthera sessilis (Amaranthaceae) ১৬. শতমূল Asparagus racemosus (Asparagaceae ১৭. পুনর্ভা Boerhavia diffusa (Nyctaginaceae) শতমূলৰ ৰস বলবর্ধক, স্মৃতিবর্ধক, স্নায়ু দুর্বল্য, মূত্ৰকাৰক, স্তন্যবর্ধক, গর্ভপােষক। স্ত্রীৰ সকলাে ধৰণৰ ৰােগৰ বাবে বিশেষভাৱে উপযােগী। শতমুলৰ শিপাৰ ৰস ২ ৰ পৰা ৪ চামুচ প্রতিদিনে সেৱন কৰিলেবগাক্রাব যােৱা মাহেকীয়াঅনিয়মীয়া হােৱাআদিবিভিন্ন দিশত ভাল কাম কৰে। উচ্চৰক্তচাপ আৰুহাত ভৰিফুলা ৰােগীয়ে ১ৰপৰা ২ চামুচ পুনর্নৰ্ভৰ ৰস প্রতিদিনে সেৱন কৰিলে সুফল পায়। পীহা বৃদ্ধি ৰােগত বগা জাতিৰ শিপা ১ ৰ পৰা ৩ গ্রাম চাউল ধােৱা পানীৰ লগত থেতেলাই খালে উপশম পায়। হৃদৰােগ, ৰক্তহীনতা, ছালৰ বেমাৰ আদিতাে ইয়াৰ ৰস ১ ৰ পৰা ২ চামুচ প্রতিদিনে সেৱন কৰাতাে উপযােগী। তুপৰীলতা মূলৰ গুড়ি ১ ৰপৰা ৩ গ্রাম চাউল ধােৱা পানীৰ লগত বগাস্ৰাৱ বা অন্যান্য স্ত্রীৰ গৰ্ভাশয় জনিত ৰােগতব্যৱহাৰ কৰিব পাৰি। ইয়াৰ গুড়ি ১ৰ পৰা ৩গ্রাম তক্র(দৈৰ পানী)ৰ লগত সেৱন কৰিলে অর্শ ৰােগৰ পৰা মুক্তি পাব পাৰি। ১৮. তুপৰীলতা Cissampelos pareira (Menispermaceae)