পৃষ্ঠা:Su swasthyar aadhar.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯. আমৈলতা (গুডুচি) ই অসমত সহজলভ্য অতি গুণকাৰী এবিধ লতা। Tinospora cordifolia গা-গছৰ ৰস উলিয়াই জ্বৰ, কাহডায়েবেটিছ, কুষ্ঠ, (Menispermaceae) কৃমি, যকৃত বিকাৰ, জণ্ডিচ, গ্ৰহণী আদি সকলাে ৰােগতে ব্যৱহাৰ হয়। ইয়াক ৰক্তৰ পৰিমাণ বঢ়োৱা, তেজ পৰিষ্কাৰ কৰা, স্মৃতিশক্তি বঢ়োৱা, হৃদজনিত ৰােগত আৰু শুক্রাণুৰ সমস্যাত ২ ৰ পৰা ৪ চামুচ ৰসপ্রতিদিনেব্যৱহাৰ কৰা হয়। ২০. অনন্তমূল Hemidesmus গা-গছ বা পাতৰ ৰস ২ ৰ পৰা ৪ চামুচ, শতমুলৰ indicus (Apocynaceae) ৰস ২ ৰ পৰা ৪ চামুচৰ লগত গুড় মিহলাই খালে জ্বৰ উপশম হয়। অনন্তমুলৰ শিপাৰ গুড়ি ৩ ৰ পৰা ৬ গ্রাম প্রতিদিনে সেৱন কৰিলে তেজ পৰিস্কাৰ হােৱাৰ লগতে ছালৰ বেমাৰ, ঘা ফোহা আদি ভাল হয়। স্তনপানৰ কালছােৱাত মাকে সেৱন কৰিলে দুগ্ধ বৃদ্ধি আৰু দুগ্ধ পৰিষ্কাৰ হয়। ৰক্তহীনতাৰ বাবে দৈহিক দুর্বলতাত ভূগিলে এই গছৰ মূলৰ গুড়ি ৩ ৰ পৰা ৬ গ্রাম বা কেচা শিপা ৫ ৰ পৰা ১০ গ্রাম থেতেলাই গাখীৰৰ লগত সেৱন কৰিলে দৈহিক পুষ্টিবর্ধন হয়। ২১. সােন পৰুৱা লতা Argyreiae | এই লতাৰ শিপা বলকাৰক পুষ্টিকৰ। শুক্রাণুৰ speciosa (Convolvulaceae) পৰিমান বৃদ্ধি কৰা, স্মৃতিশক্তি বঢ়োৱা, বগাস্ৰাৱ যােৱা স্নায়ুদুর্বল হােৱা আদিত ইয়াৰ ৰস ২ ৰ পৰা ৪ চামুচ বিশেষভাৱে ব্যৱহাৰ হয়। ২২. পাণ Piper betle (Piperceae) আমাৰ সকলােৰে পৰিচিত পাণাে ঔষধি গুণেৰে সমৃদ্ধ। পাণৰ ৰস মুখৰ দুৰ্গন্ধনাশক কৃমিনাশক, ভােকবঢ়োৱা হজমশক্তি বঢ়োৱা, হাদয়ৰােগত, পানীলগা, মাতভঙা, কাহ ধাতুযােৱা আদিত ইয়াৰ ৰস ১ ৰ পৰা ২ চামুচ বিশেষভাৱে ব্যৱহাৰ হয়।